নৱ জ্যোতি বৰুৱা

চামগুৰি

১০ অক্টোবৰ

শুকুৰবাৰে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে বিজেপি দল ত্যাগ কৰি অগপত যোগদান কৰি থকাৰ সময়তে বিজেপিয়ে অগপ দুৰ্গ খহাই পেলালে। কল্পনা পাটোৱাৰীৰ যোগদানক সভাপতি অতুল বৰাই ঐতিহাসিক ঘটনাৰ লগত তুলনা কৰাৰ সময়তে বঢ়মপুৰতৰ ইতিহাস সলনিৰ কৰাৰ দিশত বিজেপি।

বিজেপিৰ মিত্ৰযোতৰ চৰকাৰত অগপ অংশীদাৰ যদিও আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনকলৈ বিজেপিৰ সমানে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপ। শাসকীয় দল হিচাপে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন জনে দলটোত যোগদান কৰি আছে যদিও প্ৰধান আঞ্চলিক দল হিচাপে অগপৰ প্ৰতি ৰাইজৰ আকৰ্ষণ তেনে ধৰণৰ পৰিলক্ষিত হোৱা নাই। ইয়াৰ মাজতে শুকুৰবাৰে বহু কেইজন লোকেৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে দুবছৰ বিজেপিত থাকি বিজেপি ত্যাগ কৰি অগপত যোগদান কৰে।

ইফালে আমবাৰীস্থিত অগপৰ মুখ্য কার্যলায়ত কল্পনা পাটোৱাৰীসহ বহু কেইজন লোকৰ অগপত যোগদান হ’ল আনফালে আকৌ বঢ়মপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি মোহভংগ হৈ শতাধিক অগপ কৰ্মীয়ে বিজেপিত যোগদান কৰে। জানিব পৰা মতে অগপৰ দুৰ্গৰূপে পৰিচিত বঢ়মপুৰত গাঁৱে গাঁৱে ভেটি শক্তিশালী কৰিছে মিত্ৰ দল বিজেপিয়ে। বিজেপিৰ দলৰ কৰ্মকৰ্তা সকলে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি চৰকাৰখনৰ জন কল্যাণমূলক আঁচনি সমূহৰ বিষয়ে ভোটাৰ ৰাইজক অৱগত কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

বঢ়মপুৰ সমষ্টিৰ চলচলি গাঁও পঞ্চায়তত বিজেপি দলে আয়োজন কৰা এক যোগদান সভাত পঞ্চায়তটোৰ অগপ আৰু কংগ্ৰেছ দলৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ ব্যাপক গণভিত্তি থকা বুলি পৰিচিত চলচলি পঞ্চায়তত দলটোৰ এনে গৰাখহনীয়াই আচৰিত কৰি তুলিছে ৰাজনৈতিক মহলত।

বিজেপি দলৰ বিশেষ গণভিত্তি নথকা পঞ্চায়তখনত দিনক দিনে বিজেপিৰ স্থিতি সবলৰূপে পৰিগণিত হ’বলৈ ধৰিছে। বিজেপিৰ এনে উত্থানত বঢ়মপুৰ সমষ্টিৰ বিজেপি দলৰ তৃণমূল কৰ্মীয়ে আগন্তুক নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত অগপ দলৰ লগত মিত্ৰতা কৰাৰ পৰিবৰ্তে বিজেপি দলৰ এজন নিষ্ঠাবান কৰ্মীক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ৰাজ্যিক নেতৃত্বৰ ওপৰত আশাবাদী।