আব্দুল হক

নগৰবেৰা

৯ অক্টোবৰ

কামৰূপ জিলাৰ এখন বজাৰৰ ওপৰত অগ্নি দেৱতাৰ কুপদৃষ্টি। বাৰে বাৰে কিয় বজাৰখনত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড? শুকুৰবাৰে পুৱতি নিশা নগৰবেৰাৰ টুপামাৰী বজাৰত পুনৰ সংঘটিত হ’ল বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল ২ কোটি টকাৰো অধিক সম্পত্তি।

https://youtu.be/ylmKdof7_OM

কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত টুপামাৰী বজাৰত পুনৰ সংঘটিত হয এই ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ দুটাকৈ চৰকাৰী মাৰ্কেট ছেডসহ মুঠ ৩৫ খন দোকান, এটা অধ্যয়ন কেন্দ্ৰ, স্থানীয় জনকল্যান সমিতিৰ কাৰ্যালয় জ্বলি ছাই হোৱাৰ লগতে এখন মালবাহী ট্ৰাকৰো অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধন হয়। ইয়াৰোপৰি বজাৰখনৰ ওচৰত থকা প্ৰায় দহখন দোকানৰো এই ভয়াবহ অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়। শুকুৰবাৰে পুৱতি নিশা সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডটোত ২ কোটি টকাৰো অধিক সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে। স্থানীয় ৰাইজৰ আপ্ৰান প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ ফলতেই কথমপি ৰক্ষা পৰে বজাৰখনত থকা অন্যান্য দোকান সমূহ। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ তিনি ঘন্টা পাছত অৰ্থাৎ জুই নিৰ্বাপন হোৱাৰ পাছত ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী উপস্থিত হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ অন্যতম চহকী অনুষ্ঠান টুপামাৰী বজাৰখনত প্ৰায়ে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। পূৰ্বেও কেইবাবাৰো বজাৰখনত অনুৰূপ ধৰণৰ ভয়াবহ অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ী সকলে বিস্তৰ ক্ষতিৰ সন্মূখীন হৈছে যদিও বজাৰখনত আজিলৈকে অগ্নি নিৰ্বাপন কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। বজাৰখনত অগ্নি নিৰ্বাপন কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নথকাৰ বাবে বজাৰখনৰ কমিটি আৰু ব্যৱসায়ী সন্থাৰ ওপৰত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে দোকানী সকলে।