ৰঙিয়া

২৪ অক্টোবৰ

অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰকলৈ ৰঙিয়াত চাঞ্চল্য। দলংৰ ওপৰত পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। শুকুৰবাৰে নিশাৰ ভাগত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষী তথা স্থানীয় ৰাইজৰ।

কামৰূপ জিলাৰ ৰঙিয়াৰ জামতোলাত শনিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এজন অচিনাক্ত মৃতদেহ। ৰঙিয়া-ধমধমা পথৰ এখন দলংৰ ওপৰত পঞ্চাশোৰ্ধৰ পুৰুষৰ মৃতদেহটো উদ্ধাৰকলৈ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত স্থানীয় কিছুমান লোকে মৃতদেহটো দলংৰ ওপৰত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। নিশাৰ ভাগতে লোকজনৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে তথা আৰক্ষীয়ে। কি পৰিস্থিতিত আৰু কেনেকৈ লোকজনৰ মৃত্যু হ’ল সেয়া বৰ্তমানলৈকে নিশ্চিত হোৱা নাই যদিও মৃত লোকজনৰ মুখত আঘাতৰ চিন স্পষ্ট হৈ আছে। ইফালে দলংৰ ৰেলিঙতো তেজ লাগি থকা প্ৰত্যক্ষ কৰি এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰিছে একাংশ‌ই।

মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে। আৰক্ষীয়ে মৃত লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণৰ তদন্তও আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে।