গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মেঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে মহানগৰীৰ এজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই। চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি সুনাম কঢ়িয়াই আনিছে নিবিৰ কলিতা নামৰ ছাত্ৰজনে। মহানগৰীৰ জাপৰিগোগ হাইস্কুলত শিক্ষাগ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ শীৰ্ষস্থানত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিলেও নিবিৰৰ ফলাফল যথেষ্ট আশাজনক। জপৰিগোগ কৃষ্ণনগৰৰ বাসিন্দা অতি দৰিদ্ৰ পৰিয়ালৰ নিবিৰ কলিতাই অসমীয়া, গণিত আৰু সংস্কৃতত লেটাৰ নম্বৰেৰে মুঠ ৪৮১ নম্বৰ লাভ কৰি চৰকাৰী মাধ্যমৰ বিদ্যালয়খনৰলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। আৰ্থিকভাৱে অতি পিছপৰা এটা পৰিয়ালৰ সন্তান নিবিৰ কলিতাৰ ফলাফলে হাঁহি বিৰিঙাইছে জাপৰিগোগ হাইস্কুলৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে কৃষ্ণনগৰ অঞ্চলৰ ৰাইজ মুখত। যিসময়ত প্ৰায়ভাগ অভিভাৱকে নিজৰ সন্তানৰ শিক্ষাপ্ৰদানৰ বাবে বেচৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহক প্ৰাধান্য দি আহিছে তেনে সময়তে নিবিৰহতৰ দৰে একাংশ মেধাৱী ছাত্ৰই চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা। নিবিৰ কলিতাৰ এই সফলতাৰ পিছত আনন্দৰ বন্যা বৈছে বিদ্যালয়খনত। ছাত্ৰজনৰ সফলতাৰ যাত্ৰা অব্যাহত থাকক তাৰেই কামনা কৰিছে বিদ্যালয়খনৰ শিক্ষকসকলে।