ছয়গাঁও

১৫ অক্টোবৰ

অতি শীঘ্ৰে অসমৰ ভিতৰতে অন্যতম অত্যাধুনিক বজাৰ হিচাপে পৰিগণিত হ’ব ছয়গাঁও বজাৰ। নামনি অসমৰ ঐতিহ্যমণ্ডিত ছয়গাঁও বজাৰক এক অতি উন্নত মানৰ তথা অত্যাধুনিক বজাৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে৷ বিশ্ব বেংকৰ প্ৰায় চাৰি কোটি টকাৰ অৰ্থ সাহায্যৰে অতিশীঘ্ৰে নিৰ্মাণ কৰা হ’ব ছয়গাঁও বজাৰ।

বৃহস্পতিবাৰে ছয়গাঁও বজাৰকলৈ এই বৃহৎ ঘোষণাটো কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে৷ ছয়গাঁও সাৰ্বজনীন দুৰ্গোৎসৱৰ লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে বিধায়ক গৰাকীয়ে৷ বিধায়ক গৰাকীয়ে প্ৰকাশ কৰামতে ছয়গাঁৱৰ এই অত্যাধুনিক বজাৰখনত ব্যৱসায়ী সকলৰ লগতে থাকিব গ্ৰাহক সকলৰ বাবেও সকলো সুবিধা৷ ৰেকিবুদ্দিন আহমেদে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে এই অত্যাধুনিক বজাৰখনত উন্নত মানদণ্ডৰ মাৰ্কেটছেড থাকিব৷ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীৰ বাবে থাকিব বেলেগ বেলেগ কোঠা৷ বজাৰখনত কোনো জাবৰ-জোঁথৰ যাতে নাথাকে তাৰ বাবে লোৱা হ’ব বিশেষ ব্যৱস্থা৷ গোটেই বজাৰখনতে স্থাপন কৰা হ’ব সৌৰচালিত লাইট৷ বজাৰৰ স্থানত পুৰুষ আৰু মহিলাৰ বাবে সুকীয়া সুকীয়াকৈ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ’ব৷ আনহাতে বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও থাকিব সুকীয়া বজাৰ কৰাৰ ব্যবস্থা৷ আনহাতে ছয়গাঁও মাছৰ বজাৰখনো হ’ব সুকীয়া তথা উন্নতমানৰ৷ ইয়াৰ উপৰি বজাৰখন পৰিচালনা কৰা আঞ্চলিক পঞ্চায়তৰ লগতে সংশ্লিষ্ট পঞ্চায়তৰ বাবেও থাকিব একোটাকৈ কাৰ্যালয়৷ বজাৰখনত গাড়ী পাৰ্কিঙৰ বাবেও থাকিব সুব্যৱস্থাও৷ এই অত্যাধুনিক বজাৰখনে ছয়গাঁওবাসী ৰাইজৰ বহুদিনীয়া আশা পূৰণ কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে৷ উল্লেখযোগ্য যে কৰ’ণাৰ সংহাৰী ৰূপৰ বাবেই দুৰ্গাপূজাৰ উছাহ নথকাৰ মাজতো ঠায়ে ঠায়ে আয়োজন চলিছে দেৱী দুৰ্গাক আৰধানা কৰাৰ প্ৰস্তুতি৷ তাৰ মাজতেই ছয়গাঁৱতো ছয়গাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ উদযাপনৰ চলিছে প্ৰস্তুতি। বৃহস্পতিবাৰে পুৱা ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও বজাৰত এই পূজা থলীৰ লাইখুঁটা স্থাপন কৰে৷ মাঙ্গলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰাৰ পিছত বিধায়কগৰাকীয়ে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰ ছয়গাঁও বজাৰখন এক উন্নতমানৰ বজাৰ হিচাপে নিৰ্মাণ কৰাৰ কথা জানিবলৈ দি শীঘ্ৰে বজাৰখনৰ অত্যাধুনিক চিন্তাৰে কাম আৰম্ভ হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে।

লাইখুঁটা স্থাপনৰ আগেয়ে দুৰ্গা পূজা উদযাপন সমিতিৰ সম্পাদক পংকজ শালৈয়ে আঁত ধৰা অনুষ্ঠানত দুৰ্গা পূজা সমিতিৰ সভাপতি সতীশ দাসে বিধায়ক গৰাকীক ফুলাম গামোচাৰে শুভেচ্ছা জনায়৷ বিধায়ক গৰাকীয়ে দুৰ্গা পূজা সমিতিক চৰকাৰে দিয়া নিৰ্দেশৰ লগতে কভিড প্ৰট’কল মানি দুৰ্গোৎসৱ পালন কৰিবলৈ অনুৰোধ জনায়৷