গুৱাহাটী, সংবাদ ৩৬৫, ৪ অক্টোবৰ: পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে ৰন্ধন গেছ, পে’ট্ৰল, ডিজেল আৰু নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অস্বাভাবিকভাবে বৃদ্ধি কৰি সৰ্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ লগতে ৰাইজেই ৰজা , সকলোৰে আনন্দ সৰ্বানন্দ, ইত্যাদি শ্লোগানেৰে নিব্বাৰ্চনী বৈতৰণী পাৰ হৈ অৱশেষত অসমৰ ৰাইজক মূল্যবৃদ্ধিৰে পনবন্দী কৰি তিল-তিলকৈ মৃত্যমুখলৈ ঠেলি দিয়া কাৰ্যৰ বিৰুদ্বে বৃহস্পতিবাৰে দিনৰ ১বজাত মহানগৰীৰ দীঘলীপুখুৰী পাৰত ঐক্য সেনা অসমে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, কাৰ্যকৰী সভাপতি দেবজ্যোতি শৰ্মা, প্ৰধান সম্পাদক শ্বহিদুল ইছলাম, সাধাৰন সম্পাদক ফৰিদ ইছলাম হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক প্ৰতিভা নাথ, মুখ্য মুখপাত্ৰ কমল কুমাৰৰ নেতৃত্বত সংগঠনৰ প্ৰায় তিনি শতাধিক সদস্যই হাতে হাতে পোষ্টাৰ, ফেষ্টুন লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, পেট্ৰ’লিয়াম মন্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দ্দাবাদ, প্ৰধান মন্ত্ৰী হুঁচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে দীৰ্ঘ সময় ধৰি মহানগৰীৰ আকাশ- বতাহ কঁপাই তোলে। প্ৰতিবাদী কাৰ্যসূচীত ঐক্যসেনা অসমৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামে কয় যে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ পক্ষৰ পৰা আতৰি গৈ পুঁজিপতিৰ পক্ষলোৱা এই চৰকাৰখনে ঠগ- প্ৰবঞ্চনা কৰি খাইছে অসমীয়া ৰাইজক। আগন্তুক লোক সভা নিৰ্বাচনতেই শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ইয়াৰ ফলাফল লাভ কৰিব বুলি তীব্ৰ ভাষাৰে কয়। লগতে প্ৰতিবাদী কাৰ্যসূচীত মুখ্য মুখপাত্ৰ কমল কুমাৰে , দৰীদ্ৰ জণসাধাৰণক বিনামূলীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ কৰি ৯৪৭. ৫০ ৰাজ সাহাৰ্যবিহীন চিলিণ্ডাৰ ভৰ্তি ৰন্ধন গেছ বিক্ৰীৰ জৰিয়তে বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰি মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোবা বুলি অভিযোগ তুলি উভয় চৰকাৰক তীব্ৰ সমলোচনা কৰে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত কামৰূপ মহানগৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ৰন্ধন গেছ, পে’ট্ৰল, ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে । ধৰ্ণা কাৰ্যসূচীত ছাত্ৰ ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰৰ উপৰিও বহুকেইখন জিলাৰ বিষয়ববীয়া উপস্হিত থাকে বুলি মুখ্য মুখপাত্ৰ কমল কুমাৰে জনায়।