গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুনঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই যুৱকৰ নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি মহানগৰীৰ চানমাৰিত দেওবাৰে সন্ধিয়া ছাত্ৰ আৰু শিল্পী সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ আৰু শিল্পী সমাজে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচী সহস্ৰাধিক যুৱক-যুৱতী চানমাৰিৰ ৰাজপথত ওলাই আহে। ডকমকাকাণ্ডৰ দোষীক উপযুক্ত শাস্তিৰ প্ৰদানৰ দাবীত গুৱাহাটী কমাৰ্চ কলেজ পইণ্টত প্ৰতিবাদী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজপথত মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰোতে প্ৰতিবাদৰ মাজতে একাংশ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিল নিক্ষেপ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠিচালনা কৰে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী জঁপিয়াই পৰাত কমাৰ্চ কলেজৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।