বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ জুলাইঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত খগৰপুৰ গাও পঞ্চায়তৰ অধীনস্থ ইকৰাবাৰীত ইটাভাটা স্থাপনক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভয়াপুৰীৰ কিষান মহেশ্বৰী নামৰ ব্যৱসায়ী এগৰাকীয়ে বাৰিপুখুৰী প্ৰথম খণ্ড-ইকৰাবাৰীৰ জনবসতি পূৰ্ণ এলেকা এটাত জেছিবিৰে হাবি-জংগল কাটি ভাটাটোৰ বাবে চিমনি বহুৱাৰ বাবে প্ৰাৰম্ভিক কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে কৰ্মচাৰী থকা আবাসগৃহ নিৰ্মাণ কৰি উলিয়াইছে। এইক্ষেত্ৰত ইকৰাবাৰী ৰাইজ উদ্যোগটো স্থাপনৰ ক্ষেত্ৰত বিৰোধীতা কৰে। কিয়নো জনবসতি পূৰ্ণ এলেকাত উদ্যোগটো স্থাপন কৰিলে উৎপাদনৰ সময়ত ভাটাটোৰ পৰা নিৰ্গত হবলগীয়া প্ৰদূষিত ধোৱাই নিচেই কাষতে থকা বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীআৰু সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হবলগীয়া পৰিস্থিতিৰ আশংকা হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ বিদ্যালয় সমূহ ,বিভিন্ন দল-সংগঠন ,মহিলা সমিতি আৰু ৰাইজে মহকুমা প্ৰশাসন, জিলা প্ৰশাসনক ইটাভাটা স্থাপনৰ বিৰোধিতা কৰি আবেদন জনাইছে। ৰাইজৰ আবেদনৰ ভিত্তিত প্ৰশাসনে ভাটাটোৰ কাম-কাজ সাময়িক ভাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে যদিও তাৰ পিছতো ব্যৱসায়ীজনে বিভিন্ন পক্ষক মেনেজ কৰি হলেও ইটাভাটা স্থাপন কৰাৰ ভাবুকি দিয়াত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজে। উল্লেখ্য যে উদ্যোগটো স্থাপনৰ ফলত পাৰ্শ্ববৰ্তী অঞ্চলত থকা জলাশয়, কৃষিভূমি ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে উদ্যোগটো উৎপাদনক্ষম হলে গধুৰ যান-বাহন ,ডাম্পাৰ আদিৰ অবাধ আহ-যাহৰ ফলত ভৱিষ্যতে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আৰু বিদ্যালয়লৈ অহা-যোৱা কৰা কণ-কণ ছাত্র-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে স্থানীয় ৰাইজে। অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা ইটাভাটাটো ব্যৱসায়ী গৰাকীয়ে যাতে কোনোপধ্যে স্থাপন কৰিব নোৱাৰে তাৰবাবে সংশ্লিষ্ট বিভাগ ,ৰাজ্য চৰকাৰক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে স্থানীয় ৰাইজে।