গুৱাহাটী, সংবাদ ৩৬৫, ৫ অক্টোবৰ: মহানগৰীত অব্যাহত আছে ঠগ প্ৰবঞ্চকে সাধাৰণ জনতাক লুট পাত কৰা ঘটনা। কিছুদিন পূৰ্বে বৰঝাৰ বিমান বন্দৰৰ পৰা মালিগাঁও যোৱাৰ বাবে এগৰাকী সেনা বিষয়াই বুকিং কৰিছিল এখন উবেৰ বাহন। কিন্তু বুকিং কৰা উবেৰ খন সেনা বিষয়া গৰাকীক পিকআপ কৰিব নাহি আহিছিল এখন অফ লাইনৰ ভাড়াৰ মৰা এ এছ২৫ বিচি ৮৮৬২ নম্বৰৰ এখন বাহন । আৰু উক্ত বাহনখনত সেনা বিষয়া গৰাকী মালিগাঁও লৈ বুলি গৈছিল। মালিগাঁওত সেনা বিষয়া গৰাকীয়ে ভুলক্ৰমে তেওঁৰ লগত থকা বেগটি এৰিছিল উক্ত নম্বৰৰ বাহনখনত । বেগটিত প্ৰায় ৩ লাখ মূল্যৰ সোন আছিল। বেগটিৰ সন্ধানত সেনা বিষয়া জনে আজাৰা আৰক্ষী থানাত এজেহাৰ দাখিল কৰে। আৰু আজাৰা আৰক্ষীয়ে বৰঝাৰ বিমান বন্দৰৰ চিচিটিভি ৰ ফুটেজ ভিত্তি কৰি এ এছ২৫ বিচি ৮৮৬২ নম্বৰৰ অফ লাইনৰ বাহন খনৰ মালিক অমৰ ডেকাক আটক কৰে। আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেনা বিষয়া গৰাকীৰ প্ৰায় ৩ লাখ মূল্যৰ সোনৰ অলংকাৰ খিনি । কিন্তু জানিব পৰামতে বৰ্তমানও পলাটোক অৱস্থাত আছে চালক দুজন। প্ৰশ্ন হয় অলা উবেৰ কেব বুকিং কৰাৰ পিছত কিহৰ স্বাৰ্থত অলা উবেৰ চালকে অইন ভাড়া মৰা বাহন পঠাই দিয়ে ?? উবেৰ অলা চালকৰ সকলক চকু দিব নে অলা উবেৰ কৰ্তৃপক্ষই । সেয়া সময়তহে লক্ষণীয় হব ।