গুৱাহাটী, সংবাদ ৩৬৫, ১ মে’ : মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অসমীয়া বিজেপি বাৰ্তা নামৰ আলোচনীৰ মুকলি । উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক প্ৰশান্ত ফুকন ।

অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমক কঠোৰ শব্দৰে সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই । অসমৰ সংবাদমাধ্যমৰ মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা নৈতিক অধিকাৰ নাই বুলি মন্তব্য শৰ্মাৰ । সাংবাদিকক ওলোটাই প্ৰশ্ন কৰাৰ লগতে প্ৰবল প্ৰতাপী মন্ত্ৰীগৰাকীৰ লগতে নিৰ্বাচনৰ ফলাফল সম্পৰ্কেও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ” এইবাৰৰ লোকসভাৰ নিৰ্বাচনত ঐতিহাসিক আৰু চমকপ্ৰদ ফলাফল হ’ব সমগ্ৰ দেশত ৷ প্ৰায় ২৫ শতাংশ লোকেই ৰাষ্ট্ৰভক্তিৰ বাবেই ভোটদান কৰিছে ৷ অসমতো এনেধৰণৰ ফলাফলেই হ’ব ৷ আমি সকলো ফলাফলৰ দিনটোলৈ অপেক্ষা কৰি আছো ৷ বৃহৎ ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থী জয়ী হ’ব ৷ এইবাৰৰ নিৰ্বাচনত বহু মুছলমান লোকে আমাক ভোট দিছে ৷ আগন্তক দুটা বছৰত আৰু বহু উন্নয়নমূলক আঁচনি লৈ সংখ্যালঘু ভোটাৰৰ মাজলৈ যাম ৷ বিজেপি দলে যে তেওঁলোকৰ বাবে কাম কৰিছে বুজাম ৷ ”

ইফালে মহানগৰীত বনৰীয়া হাতীৰ বিচৰণ সম্পৰ্কত মন্তব্য ” বন বিভাগৰ লগত কথা পাতি এই সমস্যা সমাধান কৰিব লাগিব ৷ মহানগৰীৰ পাহাৰ সমূহত যাতে শান্তিৰে বনৰীয়া জীৱ জন্ত থাকিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হ’ব ৷”