বঙাইগাঁও

১০ অক্টোবৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এইবাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে তিনি কোটিতকৈও অধিক টকা। কেলেংকাৰীৰ লগত জড়িত ৰূপম দাসৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ টকা।

এ পি এছ চি কেলেংকাৰীৰ পিছতে ৰাজ্যৰ দ্বিতীয়টো বৃহৎ নিযুক্তি কেলেংকাৰী অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীৰ লগত জড়িত দুই মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত আৰক্ষী জালত পৰাৰ পিছতে এই কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। আৰক্ষীয়ে এইবাৰ এই কেলেংকাৰীত সংঘটিত হোৱা ধনৰ লেন-দেনৰ টকা উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে পুৱাৰ ভাগৰে পৰা আৰক্ষীয়ে অভিযান চলাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ নামত সংঘটিত হোৱা লেন-দেনৰ তিনি কোটিতকৈও অধিক টকা জব্দ কৰিছে। আৰক্ষীয়ে বঙাইগাঁৱত ৰুবুল হাজৰিকাৰ ঘনিষ্ট তথা এই কেলেংকাৰীৰ লগত জড়িত ৰূপম দাসক গ্ৰেপ্তাৰ কৰি ৰূপম দাসৰ শহুৰেকৰ অভয়াপুৰীৰ ঘৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ টকা জব্দ কৰে।

উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াই বঙাইগাঁও জিলাৰ নতুনপাৰা আৰু অভয়াপুৰীত আৰক্ষীয়ে অভিযান চলাই ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ বন্ধু ৰূপম দাসক গ্ৰেপ্তাৰ কৰি ৰূপম দাসৰ শহুৰেক তৰণী বণিক্যৰ ঘৰৰ ল’কাৰত বৃহৎ পৰিমাণৰ টকা লুকুৱাই ৰখাৰ সন্দেহ কৰিছিল। অৱশেষত আৰক্ষীৰ অভিযানত ৰূপম দাসৰ শহুৰেক তৰণী বণিক্যৰ ঘৰৰ পৰা উদ্ধাৰ হয় তিনি কোটিতকৈও অধিক নগদ টকা। শনিবাৰে ৰাতিপুৱা ৪ বজাৰ পৰা চলা আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত থকা বুলি জানিব পৰা গৈছে।