গুৱাহাটী

৩০ ছেপ্টেম্বৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ চাকৰিত সংঘটিত হোৱা কেলেংকাৰীক লৈ কংগ্ৰেছৰ গুৰুত্বৰ অভিযোগ। কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পোনপটীয়াভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাসহ অৰ্ধ-শতাধিক কংগ্ৰেছ নেতা-কৰ্মীক আটক।

অসম আৰক্ষীয়ে উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্ত প্ৰতিমুহূৰ্ততে নতুন ৰূপ ধাৰণ কৰিছে। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ এই বৃহৎ কেলেংকাৰীৰ লগত নাম সাঙোৰ খাইছে এটাৰ পিছত আনটো প্ৰভাৱশালী লোকৰ। প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত দত্তৰ লগতে বিজেপি নেতা দিবন ডেকা এই কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছে। বিজেপি নেতা দিবন ডেকা কেলেংকাৰীৰ লগত জড়িত থকাত ৰাজ্যিক বিজেপিৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ মাজতে এই কেলেংকাৰীৰ লগত বিজেপিৰ আৰু কেইবাগৰাকী বিধায়ক-নেতাৰ নাম সাঙোৰ খাই পৰা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই আছে।

এইবাৰ অসম আৰক্ষীৰ নিযুক্তিৰ এই বৃহৎ কেলেংকাৰীৰ লগত মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱাল পোনপটীয়াভাৱে জড়িত থকাৰ গুৰুত্বৰ অবহুযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই কেলেংকাৰীৰ লগত জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে। ৰিপুন বৰাই কয় যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ এই বৃহৎ কেলেংকাৰীৰ তদন্ত নিৰপেক্ষভাৱে নহ’ব। ৰিপুন বৰাই লগতে এই কেলেংকাৰীৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰাৰো দাবী জনায়।

ইফালে এই কেলেংকাৰীৰ লগত মুখ্যমন্ত্ৰী জড়িত থাকৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত কংগ্ৰেছ দলে সচিবলয় ঘেৰাও কার্যসূচী ৰূপায়ন কৰিলৈ দিছপুৰ মানবেন্দ্ৰ শৰ্মা ভনবৰ পৰা কেইবা শতাধিক কংগ্ৰেছ নেতা-কর্মীয়ে প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাসহ প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ নেতা-কর্মীক আটক। কৰে।

মানবেন্দ্ৰ শৰ্মা ভৱনৰ সন্মুখত কংগ্ৰেছ কর্মী সকলে অসম আৰক্ষীৰ নিযুক্তিৰ কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষীয়ে প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলক বাধা প্ৰদনা কৰাত প্ৰতিষ্ঠিত অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হয়। অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলক আটক কৰাত পৰিস্থিতি শান্ত হয়।