গুৱাহাটী 

১৫ অক্টোবৰ

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত ক্ষিপ্ৰতাৰে আগুৱাই নিছে আৰক্ষীয়ে। এইবাৰ এই বিয়াগোম নিযুক্তি কেলেংকাৰীৰ তদন্ত আগুৱাই নি আৰক্ষীয়ে গুৱাহাটীত উদ্ধাৰ কৰিলে ২৪ লাখ টকা। প্ৰশান্ত কুমাৰ দত্তৰ সহায়ক জয়দ্বীপ বৰুৱাৰ বাসগৃহত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধন।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত তৎপৰতা দেখুৱাই ঘোষণা কৰা তদন্ত ক্ষিপ্ৰতাৰে আগুৱাই নিছে আৰক্ষীয়ে। বৰ্তমানৰ এই বিয়াগোম কেলেংকাৰীৰ লগত জড়িত কেইবাগৰাকী ব্যক্তি আৰক্ষীৰ জালত। প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত কেইবাদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰে। এই দুই মূল অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ পিছতে এই ঘটনাৰ লগত জড়িত এটাৰ পিছত আনটো ব্যক্তি আৰক্ষীৰ জালত পৰাৰ লগতে অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীৰ কোটি কোটি টকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বুধবাৰে নিশাৰ ভাগত অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত প্ৰশান্ত কুমাৰ দত্তৰ সহায়ক জয়দ্বীপ বৰুৱাৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ টকা৷ আৰক্ষীয়ে জয়দ্বীপ বৰুৱাৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে ২৪ টকা।

উল্লেখ্য যে ভাৰ্গৱ গ্ৰুপৰ কৰ্মচাৰী তথা প্ৰশান্ত কুমাৰ দত্তৰ সহায়ক জয়দ্বীপ বৰুৱাৰ গুৱাহাটীৰ চানমাৰিস্থিত বাসগৃহত আৰক্ষীয়ে অভিযান চলায়। জয়দ্বীপ বৰুৱাক তিনিচুকীয়াৰ পৰা কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। জানিব পৰা মতে উদ্ধাৰ হোৱা ২৪ লাখ টকা প্ৰশান্ত কুমাৰ দত্তই জয়দ্বীপ বৰুৱাক ৰাখিবলৈ দিছিল। ইপিনে প্ৰশ্নকাকত ফাদিলৰ অন্যতম মূল অভিযুক্ত পলাতক আৰক্ষী বিষয়া কুমাৰ সঞ্জিত কৃষ্ণক বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত চিআইডি কাৰ্যালয়ত হাজিৰ হয়। জানিব পৰা মতে কুমাৰ সঞ্জিত কৃষ্ণক চিআইডিয়ে আটক কৰিছে।