গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : দক্ষিণ এছিয়াৰ সকলোতকৈ ডাঙৰ আৰু পৃথিৱীৰ সকলোতকৈ সুচাৰুভাৱে পৰিচিত নাম থকা কোম্পানিটোৰ কৰ্মচাৰীৰ ওপৰত বিশেষকৈ মহিলা কৰ্মচাৰীৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে আৰক্ষী থানাত এজাহাৰ দিয়া হৈছে ।

মহানগৰীৰ হাতীগাঁওস্থিত হোটেল গ্ৰেণ্ড মেজেষ্ট্ৰী যিখন পৰিচালিত হয় অয়’ৰ অধীনত । হোটেলখনৰ অট্টালিকাৰ গৰাকী প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ পুত্ৰ নেকিবুৰ জামানৰ। এইজন নেকিবুৰ জামানেই হোটেলখনৰ যুৱতী কৰ্মচাৰীক মাৰ-ধৰ কৰে। যুৱতীগৰাকী আছিল অয়’ৰ কৰ্মচাৰী।

ইফালে ঘটনাৰ ৭ ঘণ্টা উকলি যোৱাৰ পাছতহে আৰক্ষীক খবৰ দিছিল অয়’ কৰ্তৃপক্ষই । আৰক্ষী আয়ুক্ত দীপক কুমাৰে এই সম্পৰ্কত কয় ” যদি লগে লগে খবৰ দিলে হয়, আমি গৈ ধৰিব পাৰিলোহেঁতেন । হোটেলৰ মেনেজমেণ্টৰ ইয়াত দোষ আছে ।”

উক্ত ঘটনাৰ সন্দৰ্ভত অয়’ৰ মুখপাত্ৰই কয় যে হোটেলৰ মালিক বা যিকোনো পক্ষৰ এনে ব্যৱহাৰ নিন্দনীয়। কৰ্মচাৰী আৰু অতিথিৰ সুৰক্ষা অয়’ৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ । আমি এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে আইনৰ সকলো কামৰ বাবে সাজু আছোঁ। আমি আমাৰ কৰ্মচাৰীক সকলো ধৰণৰ সহায় কৰিবৰ বাবে সাজু।

এই ক্ষেত্ৰত অয়’ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে কয় যে ঘটনাটোৱে মোক হতভম্বিত কৰি তুলিছিল কিন্তু মই সুখী কাৰণ অয়’ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো আৰক্ষীক অৱগত কৰিছে । আইনৰ ওচৰত মোৰ সম্পূৰ্ণ ভৰসা আছে আৰু তেওঁলোকে এটা উচিত বিচাৰ কৰিব বুলি ভাবো।

ইতিমধ্যে কোম্পানীৰ কৰ্মচাৰীৰ লগত দুৰ্ব্যৱহাৰৰ কাৰণে হোটেলৰ মালিকৰ বিৰুদ্ধে লোৱা গৈছে কঠোৰ ভূমিকা ।