বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৪ মে’ : দৰিদ্ৰতাই হেৰুৱাব পাৰে জীৱন যৌৱন ৷ দৰিদ্ৰতাৰ বাবেই অনাকাংক্ষিত বিচ্ছেদ আহিব পাৰে মানুহৰ জীৱননৈ ৷ দৰিদ্ৰতাৰ বাবে কটাব লাগিব পাৰে বন্দীত্ব জীৱন ৷ এনে এক হৃদয় জোঁকাৰি যোৱা ঘটনাই পোহৰলৈ আহিছে বিহালীত ৷

বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুটিবাৰী অঞ্চলৰ কিশোৰী আছিল অনু আৰু অৰুণা মুণ্ডা নামৰ কিশোৰী দুগৰাকীয়ে দীৰ্ঘদিন ধৰি প্ৰকাৰে বন্ধীত্ব জীৱন কটাৱ লগাত পৰিছিল অৰুনাচলৰ দূৰ্গম অঞ্চলৰ চিৰাংত । পখিলা খেদাৰ বয়সতেই সময়তে দুই গৰাকী কিশোৰীয়ে ভোকৰ এমুঠি ভাত যোগাৰ কৰাৰ পৰিকল্পনাৰে পৃতি, মাতৃৰ লগত গৈছিল চুবুৰীয়া অৰুনাচল প্ৰদেশৰ চিৰাঙ নামৰ ঠাই খনলৈ ৷ ভোকৰ এমুঠি ভাত যোগাৰ কৰিৱলৈ যোৱাটোৱেই হ’ল কাল হ’ল দুই কিশোৰীৰ ।

দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ এক অতিশয় দুৰ্গম স্থানত গৃহবন্দীৰ জীৱন কটাব লগীয়া হ’ল দুয়ো । পিতৃ-মাতৃ অৰুনাচলৰ অতি ভিতৰুৱা অঞ্চল চিৰাঙৰ পৰা স্বগৃহলৈ উভতি আহিল ঠিকেই কিন্তু অৰুনাচলী লোকৰ হাতোৰাত বন্দীহৈ থাকিব লগা হ’ল দুই কিশোৰী ৷

অৱশেষত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত জিনজিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি আৰু বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনৰ নেতৃত্বত যোৱা এটি দলে ১ মে’ পৰা ৪ মে’ তাৰিখলৈকে মুঠ ৩ দিনীয়া অভিযানৰ অন্তত গৃহবন্দী জীৱনৰ পৰা উদ্ধাৰ কৰিলে দুয়োকে ।

কিশোৰী দুগৰাকীৰ মাতৃ শান্তিমায়া মুণ্ডাৰ এজাহাৰৰ ভিত্তিত জিনজিয়াৰ আৰক্ষী বিষয়া আৰু বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকে ১৬/১৯/ইউ/এছ ৩৪৪/৫০৬/আই পি নং গোচৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে শ্বাসৰূদ্ধকাৰী অভিযান চলাই স্ব গৃহলৈ ওভটাই আনিৱলৈ সক্ষম হয় দুই কিশোৰী অনু আৰু অৰুনাক ৷

উল্লেখ্য যে, অৰুনাচল প্ৰদেশৰ বিভিন্ন এলেকাত এনে বন্দীত্ব জীৱন কটাই আছে বহু অসমীয়া যুৱতীয়ে ৷