ছাহিদুল আলম

ডবকা

২৯ অক্টোবৰ

আজমল ফাউণ্ডেচনে নিৰ্মাণ কৰি দিয়া ১২ খন পকী ঘৰ ডবকাত হিতাধিকাৰীক চমজাই দিলে আব্দুৰ ৰহমান আজমলে। যমুনামুখ সমষ্টিৰ সুতাৰগাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ অতি দুখীয়া বিধৱা আৰু ঠেলা চলাই জীৱন নিৰ্বাহ কৰা ১২ গৰাকী হিতাধীকাৰিক প্ৰতি পৰিয়ালক ২ লাখ টকাৰ আজমল ফাউণ্ডেচনৰ ফালৰ পৰা একোখনকৈ পকী ঘৰ আবন্টন দিয়া হৈছিল।

এমাহ পূৰ্বে আধাৰশিলা কৰা উক্ত ঘৰ কেইখনৰ কাম সম্পূৰ্ণ হৈ উঠাত বৃস্পতিবাৰে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ জেষ্ঠ পুত্ৰ তথা দক্ষিন শালমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহমান আজমলে ফিতা কাটি হিতাধিকাৰী সকলক গৃহ চমজাই দিয়ে৷ অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলাম আৰু যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰহৈ আলহাজ মহাম্মদ আলী উপস্থিতি থাকি ১২ গৰাকী হিতাধিকাৰীক পকীঘৰ কেইখন চমজাই দিয়ে৷

হিতাধিকাৰীসকলে পকী গৃহ লাভ কৰি আজমল ফাউণ্ডেচনৰ লগতে আজমল পৰিয়াল আৰু যমুনামুখৰ বিধায়কৰ শলাগ লয়৷