আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৩ অক্টোবৰ

আজি মহা সপ্তমী। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ দেৱী দৌলত বলিৰ বাবে ভক্তৰ দীঘলীয়া শাৰী। হাহ, কোমোৰা, ছাগলী বলিৰে দেৱী দলত সপ্তমী পালন। পূজাকলৈ ৰাইজৰ মাজত নাই পূর্বৰ দৰে উছাহ।

সমগ্ৰ দেশৰ লগতে দেৱী দুৰ্গাৰ পূজা আৰু অৰ্চনাৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱ যথা বিহীত ৰীতি নীতিৰে শিৱসাগৰতো উদযাপনৰ কৰা হৈছে। দুৰ্গা পূজা উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক দেৱী দলত বিভিন্ন জনে মংগল কামনাৰ্থে হাহ, ছাগলী, কোমোৰা বলি হিচাবে আগবঢ়াই৷ কভিড প্ৰট’কলৰ ভিত্তিতেই ভক্ত সকলে শাৰী পাতি নৈবদ্য আগবঢ়াই।ইফালে এইবাৰ শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত সীমিতভাৱে আয়োজন কৰা হৈছে দুৰ্গোৎসৱ।

উল্লেখ্য যে আহোম ৰাজত্ব কালৰে পৰা প্রায় তিনি শতিকা জুৰি দুৰ্গা পূজাৰ আয়োজন কৰি অহা জিলাখনৰ সবাতোকৈ পুৰণি শিৱসাগৰ দেৱী দৌলৰ চৌহদতো বিগত বছৰ সমূহৰ দৰেই এইবাৰো দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। কোভিড ১৯ অতিমাৰীৰ বাবে এই পূজা অতি সীমিতভাৱে পালন কৰাৰ বাবে সাজু হৈছে আয়োজক। পূৰ্বৰ বছৰ সমূহৰ দৰেই সম্পূৰ্ণ বাহ্যিকতা পৰিহাৰ কৰি আধ্যাত্মিক পৰিৱেশত দুৰ্গা পূজা অনুষ্ঠিত হৈছে শিৱসাগৰৰ দেৱী দৌলত।

উল্লেখযোগ্য যে প্ৰায় ৩০০ বছৰীয়া এক ইতিহাস সমৃদ্ধ এই দেৱী দৌল। ১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই পুখুৰীৰ পাৰত আন দুটি দৌলৰ সৈতে এই দৌল নিৰ্মাণ কৰাইছিল। এক জাগ্ৰত শক্তিপীঠ বুলি ৰাইজে বিশ্বাস কৰা দৌলটোত মহা অষ্টমীৰ দিনা বিভিন্ন ঠাইৰ পৰা ৰাইজে দেৱী দৰ্শনৰ বাবে আহে আৰু দেৱীৰ চৰণত হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি বলি ৰূপে আগবঢ়াই। এইবাৰ অৱশ্যে কিছু সীমিত আৰু ব্যতিক্ৰমীৰূপত পৰিলক্ষিত হৈছে নিয়ম সমূহ৷

ইয়াত পূজা আগবঢ়াবলৈ অহা সকলে নিজ মনোবাঞ্চা পূৰণ কৰাৰ বাবে দেৱীৰ চৰণত নৈৱেদ্য আহুতি দিয়ে আৰু সকলো অপাই অমংগলৰ পৰা মুক্ত কৰাৰ বাবে মা দুৰ্গাৰ শৰণাপন্ন হয়। একেদৰে নগৰৰ অন্যান্য পূজা সমিতি সমূহেও অভাৱ অনাটন আৰু মহামাৰীৰ মাজত অহা পূজাৰ আয়োজন অতি সীমিত ভিত্তিত কৰিছে।