আজিজ আলী
নলবাৰী
২৩ অক্টোবৰ

আজি মহা সপ্তমী। সমগ্ৰ দেশৰ লগতে অসমতো দেৱী দুৰ্গা ৰ পূজা আৰু অৰ্চনা ৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱ যথা বিহীত ৰীতি নীতিৰে উদযাপন কৰা হৈছে। মহা সপ্তমী উলক্ষে নলবাৰী জিলাৰ আদাবাৰী বাঘেশ্বৰী দেৱালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে পূজা-অৰ্চনা।

কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে কভিড প্ৰট’কলৰ নীতি নিৰ্দেশনা মানি ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আদাট্টাৰীত বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা পূজা, মুকালমুৱা দুৰ্গা মন্দিৰত বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ আৰু আদাবাৰী বাঘেশ্বৰী দেৱালয়ত পূৱ বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছে৷ আজি মহা সপ্তমীৰ দিনা আদাবাৰী বাঘেশ্বৰী দেৱালয়ত দেৱী দুৰ্গাক পূজা অৰ্চনা আগবঢ়াই ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা বৰক্ষেত্ৰীৰ তিনিবাৰৰ প্ৰাক্তন বিধায়ক ডা: ভুমিধৰ বৰ্মনে৷ সপ্তমীৰ দিনটোত দিনৰ ভাগতে প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভুমিধৰ বৰ্মনে বাঘেশ্বৰী দেৱালয়ত উপস্থিত হৈ দুৰ্গা দেৱীৰ ওচৰত ধূপ, ধুনা, নৈবদ্যৰে পুষ্পাঞ্জলী অৰ্পণ কৰি পূজা-অৰ্চনা আগবঢ়োৱা দেখা যায়৷

পূজা সমাপন কৰি বাহিৰলৈ ওলাই আহি প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনে সংবাদ মাধ্যমক সম্বোধন কৰি দুৰ্গতিনাশিনী দুৰ্গাই দেশ তথা ৰাজ্যৰ পৰা অপায়-অমংগল বিনাশ কৰি দেশবাসীৰ মঙ্গল কামনা কৰাৰ উদ্দেশ্যেৰে পুষ্পাঞ্জলী অৰ্পন কৰা বুলি জানিবলৈ দিয়ে৷