মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

৯ অক্টোবৰ

অসমৰ চাওঁতাল সকলকে ধৰি আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ লেহেমীয়া পদক্ষেপত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে চাওঁতালী সাহিত্য সভাই৷ অসমত বসবাস কৰা চাওঁতাল, মুণ্ডা আদিকে ধৰি অতি পিছপৰা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লেহেমীয়া পদক্ষেপত আজিলৈকে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ নুঠিল৷ সেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আদিবাসীৰ জনজাতিকৰণৰ বিল ৰাজ্য সভাত উত্থাপন কৰিছিল যদিও সেয়া গৃহিত নহ’ল৷ একেদৰে ৰাজ্য চৰকাৰৰ ছজনীয়া মন্ত্ৰী গোটৰ সিদ্ধান্তত বিমুখ হ’বলগীয়া হ’ল আদিবাসীকে ধৰি আন আন জনগোষ্ঠী৷

ৰাজ্য চৰকাৰৰ ছজনীয়া মন্ত্ৰী গোটৰ বৈঠকত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক প্ৰকাৰন্তৰে পিছলৈ ঠেলি দি মন্ত্ৰী গোটে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত ক্ষোভ প্ৰকাশ কৰিছে চাওঁতালী সাহিত্য সভাই৷ অসম চাওঁতালী সাহিত্য সভাৰ সভাপতি মোছেহৰাম মাৰাণ্ডীসহ আন কেইগৰাকী নেতাই শুকুৰবাৰে গোসাঁইগাঁৱৰ পদ্মবিলত এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰক অতি শীঘ্ৰে জনজাতিকৰণৰ পদক্ষেপ হাতত ল’বলৈ আহ্বান জনায়৷ সভাপতি গৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা মতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবেই বিভিন্ন দিশত অৱহেলিত হৈ থকা বৃহৎ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবী আজিলৈকে পূৰণ হোৱা নাই৷ ৰাজ্য চৰকাৰৰ শিক্ষা, স্বাস্থ্য তথা বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি গৰাকীয়ে কয়, আদিবাসী সকলক জনজাতিকৰণৰ বাবে জনোৱা দাবী কোনো কাৰণতে নিৰ্বাচনী এজেণ্ডা নহয়৷ আদিবাসী সকলে জনজাতিকৰণৰ দাবীৰে প্ৰায় ষাঠি বছৰ পুৰ্বৰ পৰাই আন্দোলন কৰি আহিছে যদিও চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আদিবাসী সকল৷ তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ছজনীয়া মন্ত্ৰী গোটৰ সিদ্ধান্ত এই জনগোষ্ঠীৰ বাবে হতাশ জনক৷ অসমত বসবাস কৰা আদিবাসী সকল অতিকৈ পিছপৰা আৰু এই জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইতিবাচক পদক্ষেপ গ্ৰহন কৰিব বুলি আশাত বন্দী হৈ আছিল যদিও সেই আশাত চেঁচাপানী পৰিল৷

আদিবাসী সকলৰ উপৰি আন জনগোষ্ঠীৰ জনজাতিকৰণত চৰকাৰে গ্ৰহন কৰা লেহেমীয়া স্থিতি সলনি কৰি অতি শীঘ্ৰে জনজাতিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ দাবী জনোৱাৰ উপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি কৰা সংশ্লিষ্ট পক্ষৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰি জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায়৷ সংবাদ মেলত সুফল হাছদাসহ আন কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে৷