সোণতলী, সংবাদ ৩৬৫, ৫ জুনঃ দক্ষিণ কামৰূপৰ সোণতলীত নৈতিক আৰু গুণগত শিক্ষাৰ প্ৰতিশ্ৰুতিৰে গঢ়লৈ উঠা ব্যাক্তিগত খণ্ডৰ শিক্ষাপ্ৰতিষ্ঠান ‘আৰাফা ৰয়েল একাডেমি’ৰ পৰা সুখ্যাতিৰে উতাৰ্ণ হোৱা ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সোমবাৰে সম্ভৰ্ধনা জনোৱা হয় ৷ ‘আৰাফা ৰয়েল একাডেমি’ প্ৰাংগণত অনুষ্ঠিত হোৱা সম্ভৰ্ধনা অনুষ্ঠান সভাত সভাপতিত্ব কৰে ইছমাইল হুছেইন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিয়ৰ ৰহমান সৰকাৰে৷ সম্ভৰ্ধনা সভাখনত ‘আৰাফা ৰয়েল একাডেমিৰ’ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্য শাখাৰ ২৫ গৰাকী ষ্টাৰ, ডিকটিংশ্বন আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক গামোচা, শৰাই আৰু কিতাপেৰে সম্ভৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰা হয়।সম্ভৰ্ধনা সভাখনত ‘আৰাফা ৰয়েল একাডেমিৰ’ প্ৰতিষ্ঠাপক মুল্লক চান বাবুৰ লগতে ইউছুফ আলী ভূঞা, জহিৰুল হক ভূঞা আৰু সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুছ ছোবাহানে অংশগ্ৰহন কৰে। সভা অন্তত ইফতাৰ পাৰ্টিৰো আয়োজন কৰে বিদ্যালয় কৰ্তৃপক্ষই৷ সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত এশ শতাংশ উতীৰ্ণৰে অঞ্চলটোলৈ সুনাম কঢ়িৱাবলৈ সক্ষম হৈছে একাডেমিখনে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৮ গৰাকীৰ মাজত ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। ইয়াৰে দুগৰাকীয়ে ডিস্কিংশন আৰু ৩ গৰাকীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছিল৷ আনহাতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বানিজ্য শাখাৰ ১৯ গৰাকীৰ ভিতৰত ১ম বিভাগ লাভ কৰে ১১ গৰাকীয়ে আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰে এজনে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। কলা শাখাত ৫ গৰাকীৰ এজনে ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত, এজনে দ্বিতীয় আৰু তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উক্তীৰ্ণ হৈছিল৷
চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যাক্তিগতখণ্ডৰ বিদ্যালয়খনে ভাল ফলাফল দেখুৱাব পৰাত অভিভাৱক সকলৰ লগতে অঞ্চলবাসী উৎফুল্লিত হোৱা পৰিলক্ষিত হয়।