আনোৱাৰ হুছেইন

গৰৈমাৰী

৩১ জুলাই

পৱিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত ছয়গাঁও সমষ্টিৰ আৰ্তজনৰ কাষত প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক। আৰ্তজনৰ মাজত বিতৰণ কৰিলে চাউল, চেনি, ছেৱাই, কিচমিচ, বাদাম, আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী।

বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বলিয়া বানে অধিক জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক। এফালে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে লক ডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হোৱাত দিন হাজিৰ কৰা দুখীয়া শ্ৰেণীৰ উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু আনফালে বানপানীয়ে কৃষক শ্ৰেণীৰ ৰাইজৰ শস্য বিনষ্ট কৰাত কৃষক সকলৰ অৱস্থ পানীত হাঁহ নচৰা হৈছে। মহাসংকটৰ এই সময়ত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ উপলক্ষে সমাজৰ এই দুই শ্ৰেণীৰ লোকৰ কাষত আহি থিয় দিছে প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক। ছয়গাঁও সমষ্টিৰ বিভিন্ন অঞ্চলৰ দুখীয়া লোক সকলৰ মাজত ঈদ উপলক্ষে প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাকে বিতৰণ কৰে চাউল, চেনি, ছেৱাই, কিচমিচ, বাদাম, আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী।

অঞ্চলটোৰ ৩০০ তকৈও অধিক দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে কাপোৰ আৰু ১০০ টাকৈ বিতৰণ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। সংকটৰ এই সময়ত আব্দুৰ ৰেজ্জাকৰ এনে মহানুভৱতাক ভূয়সী প্ৰংশসা কৰে অঞ্চলটোৰ সচেতন মহলে।