গুৱাহাটী, সংবাদ ৩৬৫, ২৪ এপ্ৰিল: পবিত্ৰ ৰমজান মাহ উপলক্ষে সমূহ ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদ দলে। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই পবিত্ৰ ৰমজান মাহে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সুখ-শান্তি আৰু ভাতৃত্ববোধ অক্ষুন্ন ৰাখিব বুলি আশা প্ৰকাশ কৰে।

পবিত্ৰ ৰমজান মাহ উপলক্ষে দলৰ কায্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তইয়ো সমূহ ইছলাম ধৰ্মালম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ডঃ কমলাকান্ত কলিতাই বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ এই সময়ছোৱাত সকলো ইছলামধৰ্মী ৰাইজকে ঘৰতেই নিৰাপদে থাকি নামাজৰ লগতে ৰমজান মাহৰ সকলো পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাই পবিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কৰুণা ভাইৰাছে আতংক চলাই থকাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া পবিত্ৰ ৰমজানৰ তাবাৰীৰ নামাজ ঘৰতে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নামাজৰ লগতে চেহৰী আৰু ইফটাৰীও মছজিদৰ পৰিবৰ্তে ঘৰতে সম্পন্ন কৰিব ইছলাম ধৰ্মাৱলম্বী লোক সকলে।