বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ বাঢনী পানীয়ে প্ৰায় ২০ খনৰো অধিক গাওঁ বানত প্লাৱিত হোৱাৰ লগতে কেইবাটাও ৰাস্তা ভাঙি পেলাইছে মানাহ নদীৰ বাঢনী পানীয়ে। মানাহ নদীৰ বাঢনী পানীৰ ফলত দুদিন ধৰি কেইবাখনো বিদ্যালয় বন্ধ হৈ আছে। নাম্বাৰপাৰাৰ পৰা বাংলাপাৰালৈ যোৱা মাথাউৰিটোৰ দুঠাইত ভাঙি যোৱাত বুধবাৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ঘৰমুৱা হব লগীয়া হয়। আনকি নাম্বাৰপাৰা জুনিয়ৰ কলেজ, নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়, নাম্বাৰপাৰা এমই স্কুল, এম ভি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ধান খেতিৰ মাজেৰে কাপোৰ তিয়াই স্কুলত যাবলগীয়া হৈছে । শ শ বিঘা শালি খেতি বাঢ়নী পানীত ডুব যোৱাৰ লগতে ঘৰৰ ভিতৰ পৰ্যন্ত পানী সোমাইছে।