আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৭ অক্টোবৰ

উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডক লৈ উত্তাল শিৱসাগৰ। শিৱসাগৰত ৬ সংগঠনৰ প্রতিবাদ কাৰ্যসূচী। গণধর্ষণ আৰু নাৰীৰ ওপৰত হৈ থকা বিভিন্ন নির্যাতনৰ বিৰোদ্ধে প্ৰতিবাদ কাৰ্যসূচী। বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনীৰে উত্তাল ৰাজপথ।

দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশৰ গণধর্ষণ কাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ঐতিহাসিক শিৱসাগৰতো প্ৰতিবাদৰ জোৱাৰ উঠিছে। ধর্ষণৰ বলি লৈ মৃত্যু হোৱা যুৱতী গৰাকীক ন্যায় প্ৰদাণৰ পৰিৱৰ্তে অতি পৰিকল্পিতভাৱে উত্তৰ প্ৰদেশ বিজেপি চৰকাৰে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ধর্ষণৰ বলি হোৱা যুৱতী গৰাকীৰ বাবে ন্যায় বিচৰা প্ৰতিবাদী কন্ঠক মষিমূৰ কৰা কাৰ্যৰ বিৰুদ্ধে বুধবাৰে উত্তাল হৈ পৰে শিৱসাগৰ চহৰ৷ নাৰীৰ ওপৰত সংঘটিত হৈ থকা বিভিন্ন নির্যাতনৰ বিৰুদ্ধে শিৱসাগৰত ৬ টাকৈ জাতীয় সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম মৰীয়া যুৱ ছাত্ৰ সন্থা, মেচ কছাৰী যুৱ পৰিষদ, জাগৃত নাৰী সমাজে যুটীয়াভাৱে নগৰৰ মাজেৰে পদযাত্রা কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে শিৱসাগৰ নগৰৰ ৰাজপথ। সহস্ৰাধীক প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি গ’ বেক, যোগী চৰকাৰ মুর্দাবাদ ধ্বনিৰে প্রতিবাদ সাব্যস্ত কৰে।

আনহাতে একেসময়তে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়েও উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডৰ লগত জড়িত দোষীক শাস্তি প্ৰদানৰ লগতে নাৰী সুৰক্ষাৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে নাৰী সুৰক্ষাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে৷