গুৱাহাটী

২৬ আগষ্ট

উদ্ধোধৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে বিকল হৈ পৰিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে যান্ত্ৰিক বিজুতিৰ ফলত বিকল হৈ পৰিল ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰʼপৱে। পুনৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হ’ব সেই কথা জানিব পৰা হোৱা নাই।

দুদিন পূৰ্বে অৰ্থাৎ ২৪ আগষ্টত ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষামন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উদ্ধোধন কৰিছিল নদীৰ ওপৰত থকা ভাৰতৰ দীৰ্ঘতম ৰʼপৱে। গুৱাহাটীৰ কাছাৰীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ৰʼপৱেটো বুধবাৰে উদ্ধোধৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে বিকল হৈ পৰে। জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ ফলত বিকল হৈ পৰে ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰʼপৱেটো। ৫৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰʼপৱেটো দীৰ্ঘদিনীয়া আশা পূৰণ কৰি ২৪ আগষ্টত মুকলি কৰা হৈছিল।

ৰ’ʼপৱেটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই ৰ’পৱে মেৰামতিৰ কামত ব্যস্ত হৈ পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেটো পুনৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হ’ব সেই কথা জানিব পৰা হোৱা নাই।