উপযুক্ত চিকিৎসাৰ বাবে অসমবাসীক সহায়ৰ আহ্বান এই দৰিদ্ৰ পৰিয়ালৰ

In ৰাজ্য

ৰঙিয়া, ২০ ডিচেম্বৰঃ ৰঙিয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ অসহায় সন্তানে ১৭ ধৰি বন্দী জীৱন যাপন কৰি আছে এটি বন্ধ কোঠালীত। বিশেষভাবে শৈষম সন্তানটি আৰ্থিক দীনতাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱ-জন্তুৰ দৰে এটি বন্ধ কোঠালিত আবদ্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে দৰিদ্ৰ পৰিয়ালটো। দিন হাজিৰা কৰা প্ৰসন্ন ডেকাৰ প্ৰথম পুত্ৰ ১৯ বছৰীয়া হিৰকজ্যোতি ডেকা জন্মৰ দুবছৰ পিছতে অসুস্থ হৈ পৰিছিল আৰু পৰবৰ্তী সময়ত ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ দুৰ্ভগীয়া যুৱকজনৰ বৰ্তমান কটাবলগীয়া হৈছে এক বেদনাদায়ক জীৱন। উপযুক্ত চিকিৎসাৰ অভাৱত যুৱকজনে কথা কবলৈ আৰু খোজ কাঢ়িবলৈ অপাৰগ হোৱাৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হৈ পৰিছে। দৰিদ্ৰ পিতৃ মাতৃয়ে প্ৰথম অৱস্থাত নিজৰ সামৰ্থ অনুযায়ী যুৱক জনক চিকিৎসা প্ৰদান কৰিছিল যদিও আৰ্থিকভাৱে অক্ষম পিতৃ মাতৃয়ে উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত প্ৰায় দুবছৰ বয়সৰ পৰাই সন্তানটিক পৰিয়ালটোৱে এটি কোঠাত আবদ্ধ কৰি ৰাখিবলৈ আৰম্ভ কৰে। সুদীৰ্ঘ ১৭ বছৰ ধৰি বিশেষভাৱে সক্ষম এই কিশোৰীগৰাকীক বন্দী কৰি ৰখা হৈছে। সমনীয়াই কলেজত পঢ়া বয়সত নিষ্পাপ কিশোৰগৰাকীয়ে কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে। এই অসহায় যুৱকজনক উপযুক্ত চিকিৎসাৰ বাবে অসমবাসীক সহায় আহ্বান জনাইছে এই দৰিদ্ৰ পৰিয়ালটোৱে। এই যুৱকজনৰ উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কোনো সুহৃদ ব্যক্তি অথবা দল সংগঠন আগবাঢ়ি আহিলে যুৱকজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে।

Comments

comments

You may also read!

মাৰোৱাৰী হাস্পতালৰ গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ বিভাগৰ সৈতে শ্ৰী গংগাৰাম হস্পিতাল, দিল্লীৰ লগত বিশেষ চুক্তি

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : মাৰোৱাৰী হাস্পতালত গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ বিভাগত বিশেষ পৰামৰ্শৰ বাবে শ্ৰী গংগাৰাম হস্পিতাল,

Read More...

দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ আসনত অধিষ্ঠিত হ’ল শৰদ অৰবিন্দ বোবডে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ'ল শৰদ অৰবিন্দ বোবডে। অযোধ্যা

Read More...

পথ দুৰ্ঘটনাত নিহতসকলক সোঁৱৰী ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন

গুৱাহাটী, সংবাদ ৩৬৫,১৭ নৱেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল

Read More...

Mobile Sliding Menu