“এটি কলি দুটি পাত, চাহ শ্ৰমিক জিন্দাবাদ” ধ্বনিৰে উত্তাল চামগুৰিৰ জিয়াজুৰি চাহ বাগিচা

In ৰাজ্য
Umra Package

নৱজোতি বৰুৱা

চামগুৰি

৩ অক্টোবৰ

নগাঁও জিলাৰ চামগুৰিৰ জিয়াজুৰি চাহ বাগিচাত উত্তাল পৰিৱেশ। “এটি কলি দুটি পাত, চাহ শ্ৰমিক জিন্দাবাদ” ধ্বনিৰে চাহ শ্ৰমিক সকলে উত্তাল কৰি তোলে জিয়াজুৰি চাহ বাগিচা। সমস্যা সমাধান নহ’লে বিজেপিক উচিত শিক্ষা দিয়াৰ হুংকাৰ।

চামগুৰিস্থিত জিয়াজুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক প্ৰতাৰিত কৰি অহাৰ অভিযোগত শনিবাৰে ধৈৰ্যচ্যুত হৈ বাগিচাখনত কৰ্মৰত সহস্ৰাধিক শ্ৰমিকে বাগিচাখনৰ কলঘৰৰ মূল প্ৰৱেশ দুৱাৰত একত্ৰিত হৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চাহ শ্ৰমিক সকলো দিশৰ পৰাই সদায় প্ৰতাৰিত হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী চাহ শ্ৰমিক সকলে। ক্ষোভিত চাহ শ্ৰমিক সকলৰ অভিযোগ দীৰ্ঘদিন ধৰি বহু শ্ৰমিকে বাগিচাখনত অস্থায়ী ৰূপে কাম কৰি অহাৰ পিছতো শ্ৰমিক সকলৰ চাকৰি নিয়মীয়াকৰণ নকৰি বাগিচাখনৰ মালিক পক্ষই শ্ৰমিক সকলৰ লগত হেতালি খেলি আহিছে। অস্থায়ী শ্ৰমিক সকলক নিয়ামীয়াকাৰণৰ বাবে প্ৰতিবাদ কৰিলে বাগিচাখনৰ কৰ্তৃপক্ষই শ্ৰমিক সকলৰ বনাচৰ ক্ষেত্ৰত বেমেজালিৰ কৰাৰ ভাবুকি প্ৰদান কৰে বুলিও প্ৰতিবাদকাৰী শ্ৰমিক সকলে অভিযোগ উত্থাপন কৰে। এসময়ত আটচাক প্ৰতিনিধিত্ব কৰা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও বাগিচাখনৰ শ্ৰমিক সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰী শ্ৰমিক সকলে বাগিচাখনত অস্থায়ী ৰূপে থকা শ্ৰমিক সকলক অতি শীঘ্ৰে নিয়মীয়াকাৰণ কৰাৰ দাবী জনায়। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তক বিধানসভা নিৰ্বাচনত শ্ৰমিক সকলে বিকল্প চিন্তা কৰাৰ ভাবুকিই প্ৰদান কৰে। শ্ৰমিক সকলৰ নিয়মীয়াকৰণ, শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিকে আদি কৰি এই দাবীসমূহ মানি নললে আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰে শ্ৰমিক সকলে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu