গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : এগৰাকী যুৱতী । নাম জুলি। যুৱতীগৰাকীৰ ঘৰ মহানগৰীৰ সমীপৰ মাজিৰগাওত । এই ধুনীয়া যুৱতীগৰাকী এতিয়া মৃত্যুৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যুজি আছে । যুৱতীগৰাকী দুৰাৰোগ্য কৰ্কত ৰোগত আক্ৰান্ত হৈ যোৱা কেইবামাহ ধৰি এনেদৰে চিকিৎসাধীন হৈ আছে ।

ইতিমধ্যে যুৱতীগৰাকীৰ চিকিৎসাৰ নামত ঘৰ-মাটি বিক্ৰি কৰিছে পৰিয়ালৰ লোকে । তথাপিও যেন সুস্থ হোৱা নাই যুৱতী গৰাকী । চিকিৎসকে অতি সোনকালে জুলিক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ বাবে উপদেশ দিছে কিন্তু পৰিয়ালৰ লোকক প্ৰয়োজন প্ৰায় ১৫লাখ টকা । কিন্তু পৰিয়ালৰ লোকৰ নাই পৰ্যাপ্ত ধন সেই বাবে পিতৃ-মাতৃয়ে ভাগি পৰিছে ।

পিতৃ-মাতৃয়ে ৰাজ্য চৰকাৰ আৰু শুভকাংশীৰ পৰা বিচাৰিছে সাহাৰ্য্য । পিতৃ-মাতৃৰ দুখত সমভাগি হৈ জুলিৰাণী কলিতা বন্ধু-বান্ধৱী সকলে এনেদৰেই জুলিৰ বাবে দক্ষিণ কামৰূপৰ মিৰ্জা,বিজয়নগৰ,পলাশবাৰীৰ ৰাষ্টাই ঘাটে,দোকান-পোহাৰে সাহাৰ্য্য বিচাৰিছে সকলোৰে পৰা ।

ৰাইজেও বিনা দিধাই নিজৰ সাধ্য অনুসৰি দিছে আৰ্থিক সাহাৰ্য্য । ৰাইজৰ এই সহাৰিৰ প্ৰতি সন্তুষ্ট হৈছে জুলিৰ বন্ধু-বান্ধৱী সকল ।