এন আৰ চিৰ পাঁচটা নথি প্ৰত্যাহাৰৰ শপতনামা দাখিলৰ বিৰুদ্ধে তেজপুৰত আমছুৰ প্ৰতিবাদ

In ৰাজ্য

তেজপুৰ, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ দাবী আপত্তিৰ পোন্ধৰটা নথিৰ পৰা পাঁচটা নথি কৰ্তন কৰাত অসন্তুষ্টি প্ৰকাশ। এন আৰ চিৰ পাঁচটা নথি প্ৰত্যাহাৰৰ শপতনামা দাখিলৰ বিৰুদ্ধে বৃহস্পতিবাৰে তেজপুৰতো সৰব হৈ পৰিল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু ৷ শোনিতপুৰ জিলাৰ সদৰ তেজপুৰ আদালত চাৰিআলিত বৃহস্পতিবাৰে দুই শতাধিক আমছু সদস্যই দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰূদ্ধে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰে ৷ আমছু সদস্যসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলাৰ মইমতালি বন্ধ কৰক, এন আৰ চিৰ পৰা পাঁচটা নথি প্ৰত্যাহাৰ কৰা নচলিব, এন আৰ চিক লৈ ৰাজনীতি নচলিব, নথি কৰ্তনৰ শপতনামা প্ৰত্যাহাৰ কৰক,আদি ধ্বনি দি তেজপুৰৰ পৰিবেশ উত্তাল কৰি তোলে। এন আৰ চিৰ অসম ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা পাঁচ ছেপ্টেম্বৰত পোন্ধৰবিধ নথিৰ পৰা পাঁচবিধ নথি কৰ্তন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত যি শপতনামা দিছিল শোনিতপুৰ জিলা আমছুই তাৰ তীব্ৰ বিৰোধীতা কৰিছে আৰু ভৱিষ্যতেও সংগ্ৰাম অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে ৷ পাছত শোনিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Comments

comments

You may also read!

বীৰ শ্বহীদলৈ সন্মান সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ: স্ব-কান্ধে বীৰ শ্বহীদৰ নশ্বৰ দেহৰ কফিন লৈ হেলিকপ্টাৰত উঠাই শ্ৰদ্ধাঞ্জলী

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী: যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মুৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমনত শ্বহীদ হোৱা অসম সন্তান মনেশ্বৰ

Read More...

কৃষকৰ কল্যাণৰ লক্ষ্য কৃষি উন্নয়ন সন্থাৰ: বেচামাৰিত ৰেহাই মূল্যত ৰাসায়নিক সাৰ, ঔষধ বিতৰণ

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৫ফেব্ৰুৱাৰী: ৰাজ্যৰ কৃষক সকলৰ কল্যাণৰ বাবে কৃষি উন্নয়ন সন্থা অসমে বিশেষ ব্যৱস্থা গ্ৰহণ

Read More...

কলগাছিয়াত পাকিস্তানৰ উগ্ৰপন্থীৰ বিৰুদ্ধে পাব্লিক স্কুলৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

কলগাছিয়া, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী: যোৱা বৃহস্পতিবাৰে জম্মু কাশ্মীৰত কৰ্মৰত ৪৪ জনকৈ ভাৰতীয় সেনা জোৱানক পাকিস্তানৰ উগ্ৰপন্থীয়ে আত্মঘাতী বোমাৰে

Read More...

Mobile Sliding Menu