ৰঙিয়া, সংবাদ ৩৬৫, ২৯ জানুৱাৰীঃ বস্ত্ৰ উদ্যোগ এপলক পুনৰুজ্জীৱিত কৰাৰ দাবীত ৰঙিয়াৰ তুলসীবাৰীত মানৱ শৃংখল সাজি প্ৰতিবাদ। মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, সাংসদ ৰমেন ডেকা, স্থানীয় বিধায়ক ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। এপ’ল শ্ৰমিক সন্থা, ছাত্ৰ সন্থা আৰু বৃহত্বৰ সচেতন নাগৰিক মঞ্চৰ যৌথ উদ্যোগত সোমবাৰে ৰঙিয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। এপল মিল পুনৰুজ্জীৱিত কৰাৰ বাবে ৯.৩৫ কোটি টকা মুকলি, এপ’ল মিলৰ অনিয়োজিত কৰ্মচাৰীসকলক ভিআৰএছ দিয়াৰ দাবীত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলৰে সোমবাৰে উত্তাল প্ৰতিবাদ কৰে প্ৰতিবাদকাৰী সকলে। এ’পলক পুনৰুজ্বীবিত কৰক, বিজেপি চৰকাৰ মূর্দাবাদ , মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সাংসদ ৰমেন ডেকাৰ কাম নাই, স্থানীয় বিধায়ক ভৱেশ কলিতাৰ কাম নাই, চৰকাৰে ঘোষণা কৰা  ৯.৩৫ কোটি টকা শীঘ্ৰে মুকলি কৰি দিয়ক ধ্বনিৰে প্ৰতিবাদকাৰী সকলে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এপলক মিল পুনৰুজ্বীবিত কৰিব বুলি কেইবাবাৰো ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰখনে এই ক্ষেত্ৰত কোনো ধৰণৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল বুলি প্ৰতিবাদকাৰী সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। অতি শীঘ্ৰে এপলক পুনৰুজ্বীবিত নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে আত্মজাহৰ হুংকাৰ দিয়ে দুৰ্ভগীয়া এপ’ল শ্ৰমিক সকলে।