গুৱাহাটী, সংবাদ ৩৬৫, ২৪ এপ্ৰিল : মহানগৰীৰ ধাৰাপুৰ গড়লত ঐতিহাসিক মনসা পুজা । বৰঝাৰ বিমানবন্দৰৰ ওচৰৰ ঐতিসাহিক ৰাণী চাপৰিত ৬০ বছৰ ধৰি চলি অহা লোকবিশ্বাস আৰু পৰম্পৰাৰে উজ্জীৱিত হৈ থকা মহানগৰীৰ গড়ল ভট্টপাৰাৰ ৰাণী চাপৰিত মনসা পূজা। পূৰ্বৰ দৰে এইবাৰও ৫ দিনীয়া বিভিন্ন পাৰম্পৰিক কাৰ্যসুচীৰে অনুস্থিত কৰা হয় ।

মঙলবাৰৰ পৰা অনুস্থিত হোৱা এই ঐতিহাসিক মনসা পুজাৰ আজি দ্বীতিয় তথা মুল পূজা । ৰাজ্যৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰা ভক্ত প্ৰাণ লোক সকলে মনৰ কামনা পূৰণ হোৱাৰ লক্ষ্যৰে দেৱীৰ শ্ৰী চৰণত আগবঢ়াছে পূজা ।

ছাগলী ,হাহ,পাৰ,আদিৰ বলি বিধানেৰে দেৱীক আগবঢ়োৱা হৈছে পূজা । সেয়ে পুৱাৰে পৰা ধুপ-চাকি লৈ মনৰ কামনা পুৰনৰ বাবে মা-মনসাৰ আশীৰ্বাদ ল’বলৈ ভক্তৰ লানি নিচিগা সোত বৈ এই ঐতিসাহিক ৰাণী চাপৰি মনসা মন্দিৰলৈ ।

মা মনসাৰ পূজা উপলক্ষে সমগ্ৰ অঞ্চলতে এক ধাৰ্মিক পৰিৱেশে বিৰাজ কৰিছে । পৰম্পৰা অনুসৰি পুৱাৰ পৰা জলযাত্ৰা,ঘটস্থাপন,উচৰ্গা,হোমাগ্নি,পুৰ্ণাহতি আদি বিভিন্ন পাৰম্পৰিক অনুস্থান অনুস্থিত হৈ যায় । উল্লেখ্য যে এই পূজালৈ জাতি-ধৰ্ম নিৰ্বিশেকে সমাগম ঘটে অসংখ্য লোকৰ ।