গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোশ্বামী আৰু মমিনুল আৱালৰ সংবাদমেল।

পশ্চিমবংগত হোৱা আক্ৰমণক লৈ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোশ্বামী তীব্ৰ ভাষাৰে গৰিহণা দি মন্তব্য কৰে যে, মমতা বেনাৰ্জীৰ নিৰ্দেশত, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষ যি হত্যাৰ পৰিকল্পনা কৰিছিল তাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। ‘নেডা’ ই অন্যায় অবিচাৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আক্ৰমণৰ কৰাক লৈ সঁকিয়াই দিয়ে যে গণতন্ত্ৰ ৰখাৰ স্বাৰ্থত গাত শেষ টোপাল তেজ থকালৈকে যুঁজ দি যাম। ”

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়,” নিৰ্বাচনৰ ২ টা পৰ্য্যায় বাকী থকাৰ সময়তে, কংগ্ৰেছ পৰাজয় স্বীকাৰ কৰিৱ নোৱাৰি মিথ্যাচাৰ বাচি লৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে শাসনত অধিষ্ঠিত হবৰ বাবেই ৰাজনীতি কৰা নাই । দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক দিশত আগুৱাই নিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা দায়বদ্ধ ।

আনহাতে, কংগ্ৰেছ দলটো নোটৰূপী নাৰায়ণৰ উপাসক আৰু বিজেপিক নৰৰূপী নাৰায়ণৰ উপাসক বুলিও সংবাদমেলত মন্তব্য কৰে গোস্বামীয়ে ।

সংবাদমেলত গোস্বামীয়ে আৰু কয় “প্ৰত্যেক আখৰৰ নামত দুৰ্নীতি আছে। লুই বাৰজাৰ, সাৰদা, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কেলেংকাৰীতকৈও বহু ভয়াবহ কেলেংকাৰী হৈছিল কংগ্ৰেছেৰ দিনত। এতিয়াও পঞ্চায়ত আৰু এ পি ডি চি এলৰ কেলেংকাৰীত কংগ্ৰেছৰ ষড়যন্ত্ৰ জড়িত হৈ আছে। চৰকাৰক বদনাম কৰিবলৈ চেষ্টা কৰি প্ৰশ্ন কাকত লিক কৰিছে কিছুমান দুৰ্বৃত্তই। কিন্তু বহুতকে গ্ৰেপ্তাৰ কৰি আছে এতিয়ালৈকে। তদন্ত লাহে লাহে চলি আছে ।”

ৰাজনীতিত কেবল দুৰ্নীতি কৰি শাসনৰ ৭০ টা বছৰ ভাৰতৰ জন সাধাৰণে দেখি আহিছে। তেওঁলোকক এইবাৰ দূৰবিনেও দেখা নাপাব। যোৱা ৫ টা বছৰত বিজেপিয়ে কোনো দুৰ্নীতি কৰা নাই, নৰেন্দ্ৰমোডী দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী যিয়ে কথা ৰাখিছে আৰু বিৰোধীয়ে দেশ সেৱা মানিব বিচাৰ নাই। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীব গান্ধী, মনমোহন সিং সকলো দুৰ্নীতিত লুতুৰি পুতুৰি, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি – এইবুলিও মন্তব্য ৰূপম গোস্বামীৰ।