বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ৪ অক্টোবৰ: বটদ্ৰৱাৰ কটাহগুৰি মহাবিদ্যালয়ত নৱাগত আদৰনী সভাৰ দুদিনীয়া কাৰ্য্যসূচীৰে আনুষ্ঠিত হোৱা আদৰনী সভাৰ বৃহস্পতিবাৰে সফল সমাপ্তি হয়। উক্ত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী শ্ৰী যুতা জানেকি সীৰায় ৷ প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ মুকলি সভাত নগাওঁ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আলহাজ সিৰাজুল আলমে কয় যে,“সাম্প্ৰতিক সময়ত জীৱনৰ সকলো স্তৰতে তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িব লাগিব ৷ এনে স্থলত নিজক প্ৰতিষ্ঠিত কৰিবলৈ হলে আমাৰ সন্মুখত অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই “। তেওঁ আৰু কয় যে , ছাত্ৰ-ছত্ৰী সকল তেওঁলোকৰ পিতৃ-মাতৃ তথা অভিভাৱকৰ বাবে একোটা ৰঙীন সপোন আৰু সেই সপোন বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত এনে ধৰণৰ শিক্ষা অনুষ্ঠান আৰু শিক্ষাগুৰু সকলৰ অপৰিসীম অৱদান অনস্বীকাৰ্য বুলি বিবেচিত হৈছে ৷ মহাবিদ্যালয়ৰ অধক্ষ্য ড° খাইৰুল ইছলামে কয় যি,আন্ত:ৰাষ্ট্ৰীয় দৌৰবিদ ৰূপে জিলিকি উঠা নগাওঁ ধিংৰ হিমা দাসৰ প্ৰেৰণাৰে উজ্জীৱিত হৈ ছাত্ৰ-ছাত্ৰীক স্বকীয় প্ৰতিভাৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াব লাগে। প্ৰবক্তা ফাইজ উদ্দিনে আতধৰা বৃহস্পতিবাৰৰ এই সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে গীত-মাত, নৃত্য-আবৃত্তি ,কৌতুক অনুষ্ঠানেৰে জীপাল কৰাৰ উপৰিও নিমন্ত্ৰিত শিল্পী দেৱজিৎ বৰদলৈ, প্ৰাঞ্জনা প্ৰিয়া, বিকি সোনৰ হৃদয় পৰশা সাংস্কৃতিক মোহচ্ছন্ন কৰে সহস্ৰজনক ৷