কলগাছিয়া

৭ অক্টোবৰ

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিৰ টাপাজুলিত জঘন্য ঘটনা। মীৰ বক্স নামৰ এজন ব্যক্তিক হত্যাৰ চেষ্টা। মাৰপিটত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মীৰ বক্স। থানাত ৰুজু হৈছে গোচৰ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিৰ টাপাজুলি গাঁৱত প্ৰায় এমাহ পূৰ্বে হৈ যোৱা এক বৰ্বৰ মাৰপিটৰ ঘটনাই বর্তমানেও আতংকৰ সৃষ্টি কৰি ৰাখিছে সমগ্ৰ টাপাজুলি অঞ্চলত। খেতি পথৰত ঘাঁহ কটাক কেন্দ্ৰ কৰি মীৰ বক্স নামৰ এজন ব্যক্তিৰ পত্নীক কাচিৰে ঘপিয়াই মুখত আঘাত কৰাত আক্ৰমণকাৰী সকলৰ বিৰূদ্ধে মীৰ বক্স বালিকুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাত আচামী পক্ষই হিতাহিত জ্ঞান হেৰুৱাই এইবাৰ মীৰ বক্সক আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে। মজিবৰ ৰহমান, ছামচুল হক, নজৰুল ইছলাম, ৰাইজুদ্দিন, খবিৰুদ্দিন, জামালুদ্দিন, ৰবিউল আলম আৰু স্বাহিনুৰ নামৰ ব্যক্তি সকলে হত্যা কৰাৰ উদ্দেশ্যে কাঠৰ বাটাম আৰু চোকা অস্ত্ৰৰে মীৰ বক্সক
মূৰৰ লগতে শৰীৰৰ কেইবা ঠাইত আঘাত কৰে। ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে যদিও আৰক্ষীয়ে আচামী গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ তুলিছে মীৰ বক্সৰ পৰিয়ালে। অৱশ্যে আচামী ঘটনাৰ পিছৰ পৰাই পলাতক অবস্থাত আছে বুলি জানিব পৰা গৈছে।

উক্ত গোচৰৰ এজন আচামী টাপাজুলি বিদ্যাভৱন হাইস্কুলৰ কাৰ্যালয় সহায়ক মজিবৰ ৰহমান পলাতক অৱস্থাত আছে যদিও বিদ্যালয়ৰ হাজিৰা বহীত প্ৰতিদিনে মজিবৰ ৰহমানে চহী কৰি আছে। মজিবৰ ৰহমান পাতক অৱস্থাত থাকিও কি দৰে চহী কৰিবলৈ সক্ষম হয় এই প্ৰশ্ন মীৰ বক্সৰ পৰিয়ালে উত্থাপন কৰিছে। মীৰ বক্সৰ পৰিয়ালে মজিবৰ ৰহমানক বিচাৰি প্ৰতিদিনে বিদ্যালয়ৰ সম্মুখত থিয় হৈ থাকে বুলি জানিব দিয়ে। তেনে ক্ষেত্ৰত আচামী মজিবৰ ৰহমানে হাজিৰা বহীত চহী কৰা, চি এল লোৱাত ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।