কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৮ মেঃ স্বাধীনতাৰ ৬৯ বছৰ পিছতো বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লি গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হৈ আছে চৰম অসুবিধাৰ। খাৰবাল্লি গাঁৱৰ মাজেৰে বৈ যোৱা বেঁকী নৈ’ত বাৰিষা অহাৰ লগে লগে পানী বৃদ্ধি হোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হয় স্থানীয় ৰাইজৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰী সকল। বেঁকী নৈ’ৰ পূব ফালে থকা ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ ছাত্ৰীয়ে নৈ’ত পানী বৃদ্ধি হোৱাত কলগছৰ ভূৰ বনাই আৰু টুলুঙা নাৱেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ যাত্ৰা কৰিবলগীয়া হয়। উল্লেখ্য যে, যোৱা বছৰ বেঁকী নৈ’ৰ সুঁতিৰ মাজেৰে মথাউৰী সদৃশ বান্ধ নিৰ্মান কৰা হৈছিল যদিও বাৰিষাৰ সময়ত বান্ধখন ছিঙি যোৱাত ১২ টাকৈ পৰিয়ালৰ ঘৰ নৈ’ৰ বুকুত জাহ গৈছে। ঠিকাদাৰ তথা বিভাগীয় কর্তৃপক্ষই অঞ্চলবাসী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। বিভাগীয় কর্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰী সকলে মৰণক শৰণ দি বিপদসংকুল ভাবে যাত্ৰা কৰিবলগা হৈছে। স্থানীয় ৰাইজে অতি সোনকালে এই স্থানত এখন দলং নিৰ্মাণ কৰি অঞ্চলবাসীৰ লগতে কণ কণ ছাত্র ছাত্ৰীৰ যাতায়ত সুনিশ্চিত কৰাৰ দাবী জনাইছে চৰকাৰ তথা স্থানীয় বিধায়ক আব্দুল খালেক।