কলগাছিয়া, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ: শনিবাৰে পুৱাৰ ভাগতে এক আচম্বিত ঘটনা সংঘটিত হয় কলগাছিয়াৰ খাৰবাল্লি গাঁৱত। খাৰবাল্লি গাঁৱৰ মাজেৰে বেঁকী নৈৰ সুঁতিৰ পূব পাৰে থকা ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়ৰ ৪ শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ পাঠদান কৰিবলৈ টুলুঙা নাওৰে বিপদসংকুল যাত্ৰা কৰি থকাৰ সময়ত পাৰত আহি নাওখন পানীত ডুব যায়। যাৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ। উক্ত গাঁওৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে দীৰ্ঘ দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হব লগা হৈছে। খাৰবাল্লি গাঁওৰ মাজেৰে বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে। উল্লেখ্য যে, যোৱা বছৰ বেকী নৈৰ সুঁতিতোৰ মাজেৰে মথাউৰী সদৃশ বালিৰে বান্ধ নিৰ্মান কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধটো ছিঙি যোৱাৰ পিছত এইবেলিও ৰাইজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মান কৰিছিল। কিন্তু এইবাৰ বাৰিষাৰ সময়ত এই দলংখনো বেকী নৈৰ সোঁতে উটুৱাই লৈ যায়। তাৰ পিছৰে পৰাই ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি টুলুঙা নাৱেৰে পাঠদান গ্ৰহণ কৰিবলৈ বিপদসংকুল যাত্ৰা কৰিবলগা হৈছে। স্থানীয় ৰাইজে অতি সোনকালে উক্ত স্থানত এখন দলং নিৰ্মাণ কৰি গাঁওবাসীৰ লগতে কণ কণ ছাত্র-ছাত্ৰীৰ যাতায়াত সুনিশ্চিত কৰি দিবলৈ চৰকাৰৰ লগতে স্থানীয় বিধায়ক আব্দুল খালেক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ।