কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুনঃ যি সময়ত বৰপেটা আৰক্ষী প্ৰশাসনৰ দ্বাৰা চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰী সকলক সজাগ কৰাৰ বাবে বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে সেই সময়তে জিলাখনৰ কলগাছিয়াৰ অন্তৰ্গত গুণীয়ালগুৰিত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ অপত্তিজনক ফটো ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গুণীয়ালগুৰি গাঁৱৰ বাবুল হুচেইন ওৰফে বাবুল ভাইয়ে কিছুদিন পূৰ্বে গুণীয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ অপত্তিজনক ফটো ফেচবুকত আপলোড কৰাত ছাত্ৰী গৰাকীৰ অভিভাৱকে ফেচবুকত ছাত্ৰী গৰাকীৰ ফটো প্ৰত্যক্ষ কৰি বাবুলৰ অভিভাৱকক অৱগত কৰে যদিও বাবুলৰ অভিভাৱকে ছাত্ৰী গৰাকীৰ অভিভাৱকক ভাবুকি প্ৰদান কৰা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে বাবুল হুছেইনৰ বিৰুদ্ধে কলাগছিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে। আৰক্ষী কাষ চাপৰ বাবে বাবুল হুছেইনৰ অভিভাৱকৰ ফালৰ পৰা ছাত্ৰী গৰাকীৰ মাতৃক পুনৰ ফোনযোগে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে। ছাত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে সহপাঠী আতিফা নামৰ এগৰাকী কিশোৰীৰ লগত ছাত্ৰী গৰাকীয়ে কোকিলা মৌলভিপাৰাত ফুৰিবলৈ যোৱাত মাইনুৰ, আশীক আৰু আশ্ৰফুল নামৰ তিনিজন যুৱকে বলপূৰ্বক ভাবে ছাত্ৰী গৰাকীৰ ফটো তুলিছিল। ছাত্ৰী গৰাকীৰ এই ফটো সমূহ মাইনুৰে বাবুল হুছেইন দি ফেচবুকত ভাইৰেল কৰে। উল্লেখ্য যে, ছাত্ৰী গৰাকীৰ অভিভাৱকে প্ৰত্যক্ষ কৰাৰ পিছতেই ফেচবুকৰ পৰা ফটো সমূহ আঁতৰাই দিয়া হয় যদিও এই কাণ্ডক লৈ সমগ্ৰ গুণীয়ালগুৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।