কলগাছিয়া, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকক দেখুৱা শাৰীত থিয় হোৱা ৰোগীৰ মৃত্যু হোৱাত অঞ্চলব্যাপী শোকৰ ছা বিৰাজ কৰাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। মৃত্যু হোৱা ৰোগী গৰাকী হৈছে কলগাছিয়াৰ বালাইপাথাৰ গাঁওৰ আব্দুল কৰিম। এই ৰোগী গৰাকী প্ৰথমে চিকিৎসালয় খনৰ টোকন সংগ্ৰহ কৰা বৃহৎ শাৰীত থিয় হৈ থাকি টোকন সংগ্ৰহ কৰি পিছত চিকিৎসকক দেখুৱা শাৰীত পুনৰ দীর্ঘ সময় থিয় হৈ থকাৰ পিছত ঢলি পৰে। লগে লগে আব্দুল কৰিম নামৰ বৃদ্ধ গৰাকীক তৎকালীন চিকিৎসা সেৱাত ভৰ্ত্তি কৰা হয় যদিও ৰোগী গৰাকী হাৰ্ট এটাকত মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। এই ক্ষেত্ৰত দীর্ঘ সময় টোকন সংগ্ৰহ কৰা শাৰীৰ বাবেই ৰোগী গৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰে ৰাইজে।