কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৯ মেঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত সাওঁৰাচৰাত বিগত ২৫ দিন ধৰি বিদ্যুৎ নথকাৰ ফলত ৰাইজ ক্ষোভিত হৈ বিদ্যুৎ মন্ত্ৰী তপন কুমাৰ গগৈৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে পণ্ডিত দ্বীনদয়াল উপাধ্যায় গ্ৰামীণ বিদ্যুৎ যোগান আঁচনিৰ অধীনত অঞ্চলটোত বিদ্যুৎ সংযোগ কৰিছিল যদিও বিগত ২৫ দিন ধৰি অঞ্চলটোত বিদ্যুৎ নথকাৰ অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে ৰামজান মাহৰ তাৰাবিহ নামাজ পঢ়িবলৈ যাওঁতে বিদ্যুৎ নথকাৰ ফলত মছজিদত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও নিশাৰ ভাগত লিখা পঢ়া কৰাত অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি দৰিদ্ৰ বিদ্যুৎ গ্ৰাহক সকলৰ বিদ্যুৎ মাচুল অতিৰিক্ত অহাত ৰাইজ ক্ষুদ্ধ হৈ সাওঁৰাচৰা বজাৰত বিদ্যুৎ মন্ত্ৰী তপন কুমাৰ গগৈৰ প্ৰতিকৃতি দাহ কৰি তপন কুমাৰ গগৈ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, সঠিক ভাবে বিদ্যুৎ যোগানৰ ব্যবস্থা কৰক শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদীকাৰী সকলে অতি শীঘ্ৰে অঞ্চলটোত নিয়মিত ভাবে বিদ্যুৎ যোগানৰ ব্যবস্থা নকৰিলে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।