কলগাছিয়া, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : কলড্ৰিংকছৰ নামত বৰবিহ। পেপছি কোম্পানীৰ ম্যাদ উকলা কলড্ৰিংছৰে ভৰি পৰিছে বজাৰ। ৰৌশন আলী নামৰ পেপছিৰ ডিলাৰে আধা মূল্যত বিক্ৰী কৰি আছে এই ম্যাদ উকলা কলড্ৰিংকছ।

গৰম পৰাৰ লগে লগেই বজাৰত বিভিন্ন কলড্ৰিংকছৰ কোম্পানীয়ে নিজৰ দখললৈ অনাৰ বাবে প্ৰতিযোগিতা চলাই আছে । এই বজাৰ দখলৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰলৈ এৰি দিছে ম্যাদ উকলা কলড্ৰিংকছ।

সম্প্ৰতি কলগাছিয়াৰ বিভিন্ন এলেকাত ৰৌশন আলী নামৰ এজন ডীলাৰে পেপছি কোম্পানীৰ লগতে আন আন কোম্পানীৰ ম্যাদ উকলা কলড্ৰিংকছ বজাৰত এৰি দিছে। ইয়াৰ ভিতৰত আছে পেপছি কোম্পানীৰ চেভেন আপ আৰু অন্নপূৰ্ণা কোম্পানীৰ ফাণ্ডাজ ।

ৰৌশন আলীয়ে ম্যাদ উকলা কলড্ৰিংকছৰ ব্যৱসায় চলাই থকাৰ অভিযোগৰ ভিত্তিত মঙ্গলবাৰে চলোৱা এক অভিযানত এই ঘটনা পোহৰলৈ আহে। কেইবাখনো গাড়ীৰে ম্যাদ উকলা কলড্ৰিংকছ বৃহত্তৰ কলগাছিয়াৰ বিভিন্ন দোকানত আধা দামত বিক্ৰী কৰা বুলি ৰৌশন আলীয়ে জানিবলৈ দিয়ে। ইফালে পেপছি কোম্পানীয়ে এই ম্যাদ উকলা কলড্ৰিংকছসমূহ ৰৌশন আলীক বিক্ৰী কৰিবলৈ দিছে বুলি গাড়ীৰ চালক তথা কৰ্মচাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।