গুৱাহাটী

৬ অক্টোবৰ

ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাৰ পানীটেংকীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অভিযুক্ত প্ৰশান্ত কুমাৰ দত্ত। পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰশান্ত কুমাৰ দত্তক। নেপালৰ পৰা অসমলৈ আহি থকা পথত গ্ৰেপ্তাৰ প্ৰশান্ত কুমাৰ দত্ত।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মূল অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত অৱশেষত গ্ৰেপ্তাৰ হ’ল। পশ্চিম বংগ আৰক্ষীয়ে ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাৰ পানীটেংকীত নেপালৰ পৰা অসম অভিমুখে আহি থকা অৱস্থাত প্ৰশান্ত কুমাৰ দত্তক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্তৰ নিৰ্দেশ প্ৰদনা কাৰৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গণেশগুৰিৰ ঠেংকইউ ল’জত অভিযান চলাই কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। গণেশগুৰিৰ ঠেংকইউ ল’জত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত কৰা হৈছিল আৰু এই সমগ্ৰ ঘটনাৰ লগত বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত জড়িত থকাৰ বুলি আৰক্ষী নিশ্চিত হৈছিল।

গণেশগুৰিৰ ঠেংকইউ ল’জত আৰক্ষীৰ অভিযানৰ পিছতে বিজেপি নেতা দিবন ডেকা আৰু প্ৰশান্ত কুমাৰ দত্ত পলাতক অৱস্থাত আছিল। কিছুদিন পূৰ্বে এই কেলেংকাৰীৰ এজন মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা আত্মসমৰ্পণ কৰিবলৈ আহি গ্ৰেপ্তাৰ হৈছিল যদিও প্ৰশান্ত কুমাৰ দত্ত নেপাললৈ পলায়ন কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। জানিব পৰা মতে ঠেংকইউ ল’জৰ অভিযানৰ পিছতে প্ৰশান্ত কুমাৰ দত্ত ছিলিগুৰিহৈ নেপাললৈ পলায়ন কৰিছিল। অৱশেষত নেপালৰ পৰা অসম অভিমুখে আহি থকা অৱস্থাত আৰক্ষী নিযুক্তি কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত প্ৰশান্ত কুমাৰ দত্ত আৰক্ষীৰ জালত পৰিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ তদন্ত ক্ষিপ্ৰতাৰে আগুৱাই নিছে আৰু কেলংকাৰীৰ মূল অভিযুক্ত প্ৰশান্ত কুমাৰ দত্তৰ গ্ৰেপ্তাৰৰ পিছত আৰক্ষীৰ হাতত এই কেলেংকাৰী সন্দৰ্ভত আৰু অধিক বিস্ফোৰক তথ্য আহি পৰাৰ সম্ভাবনা আছে। ইফালে অসম আৰক্ষীৰ লগতে সোণোৱাল চৰকাৰৰ দিনত হোৱা অন্যান্য নিযুক্তি প্ৰক্ৰিয়াটো কেলংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া দিবন ডেকা আৰু প্ৰশান্ত কুমাৰ দত্তই মুখ খুলিলেই সকলো কথা পোহৰলৈ আহিব।

আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ অন্যতম মূল অভিযুক্ত প্ৰশান্ত কুমাৰ দত্তক কাকাৰভিটাৰ পানীটেংকীত পশ্চিম বংগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীক খবৰ দিয়াত অসম আৰক্ষীৰ এটা দল প্ৰশান্ত কুমাৰ দত্তক অসমলৈ অনাৰ বাবে কাকাৰভিটাৰ পানীটেংকীলৈ যোৱা বুলিও জানিব পৰা গৈছে।