গুৱাহাটী, সংবাদ ৩৬৫, ১ মে’ : কিছুদিন পূৰ্বে নিজৰ পাব লগীয়া দৰমহা নোপোৱাৰ বাবে কাগজ কলৰ এগৰাকী কৰ্মচাৰীয়ে মিলৰ চৌহদতে আত্মহত্যা কৰিছিল। এই ঘটনাৰ পাছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনোধৰণৰ পদক্ষেপ লোৱা নাই। এই ধৰণে হতাশাগ্ৰস্ত হৈ মিলটোৰ কৰ্মচাৰীয়ে মিলৰ এটা কোঠাত আত্মহত্যা কৰা ঘটনাটোৰ বাবে চৰকাৰ পোনপটীয়াভাৱে দায়ী বুলি দাবী কৰে অসম সংগ্ৰামী মঞ্চই।

বুধবাৰে গুৱাহাটী মহানগৰীত অসম সংগ্ৰামী মঞ্চই এখন সংবাদমেল অনুষ্ঠিত কৰে । ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহৰ দুৰৱস্থা আৰু এই সন্দৰ্ভত মোদী চৰকাৰৰ নিৰ্লিপ্ত ভূমিকা আৰু সন্দেহজনক স্থিতিৰ সন্দৰ্ভত অসন্তোষ প্ৰকাশ কৰে মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই । বেজবৰুৱাই কয় যে এই চৰকাৰৰ দিনতে ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ সমান্তৰালভাৱে অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহৰ অৱস্থা অতন্ত্য বেয়াৰ ফালে গতি কৰিছে।

বিজেপিৰ ভিজন ডকুমেণ্টত উল্লেখ কৰা আৰু নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তুলিম বুলি প্ৰধানমন্ত্ৰীয়ে দিয়া বাৰম্বাৰ প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনী টোপহে আছিল নেকি বুলি প্ৰশ্ন কৰে বেজবৰুৱাই। আনহাতে, অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উদ্দেশ্যিও প্ৰশ্ন কৰে যে বিধানসভা চলি থকা সময়ত তেখেতসকলৰ চৰকাৰে মিলৰ কৰ্মচাৰীৰ দুখ অনুভৱ কৰে আৰু এই সন্দৰ্ভত পাটোৱাৰীয়ে মিল কৰ্মচাৰীসকলক কিছুদিন ধৈৰ্য ধৰিবলৈ জনোৱা আহ্বানৰ ম্যাদ কেতিয়া শেষ হব।

তেখেতে লগতে উল্লেখ কৰে যে নৰেন্দ্ৰ মোদীয়ে ফেব্ৰুৱাৰী মাহত স্থাপন কৰা আছাম বাইঅ ৰেফাইনেৰী প্ৰাইভেট লিমিটেড, নুমলীগড় যত বাঁহৰ পৰা ইথানল উৎপাদন কৰাৰ কথা কোৱা হৈছিল যাৰ বাবে নাগালেণ্ড চৰকাৰৰ অধীনস্থ নাগালেণ্ড বেম্ব দেভলপমেণ্ট এজেন্সি আৰু অৰুণাচল চৰকাৰৰ অধীনস্থ বেম্ব ৰিচৰ্চ দেভেলপমেণ্ট এজেন্সিৰ লগত বৃহৎ পৰিমাণৰ বাঁহ যোগানৰ বাবে চুক্তি পত্ৰত সাক্ষৰ কৰা হৈছিল, ঠিক সেই সময়তে এই কাগজ কল দুটাৰ বাবে বাঁহৰ কিয় অভাৱ ঘটিছে । কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি উদ্যোগ দুটা বন্ধ কৰাৰ ষড়যন্ত্ৰ নেকি এইয়া। এই ক্ষেত্ৰত অসাধু চক্ৰ লিপ্ত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে মঞ্চই। এই উদ্যোগ দুটা পুনৰ উজ্জীৱিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ অসম চৰকাৰক দাবী জনায়।