ডকমকা, সংবাদ ৩৬৫, ৯ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱকক অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ লগত জড়িত পাঁচ জনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে। ধৃত লোক কেইজন ক্ৰমে অনুজ তিমুং, বাবু ৰংপি, সৰুকণ স্বৰ্গীয়াৰী, দ্বীপজ্যোতি বসুমতাৰী আৰু কংকন বসুমতাৰী বুলি জানিব পৰা গৈছে। নাৰকীয় ঘটনাটোৰ লগত জড়িত থকা ধৃত আটাইকেইজনকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে হত্যাকাণ্ডৰ লগত জড়িত থকা কেইবাজনো লোক। উল্লেখ্য যে কাৰ্বি আংলঙত ফুৰিবলৈ যোৱা গুৱাহাটীৰ অভিজিত নাথ আৰু নিলোৎপাল দাস নামৰ দুজন যুৱকক শুক্ৰবাৰে নিশা ডকমকাৰ পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত একাংশ উন্মাদ লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা কিছুদিনৰ পৰা সোপাধৰাৰ উৰাবাতৰি বিয়পি পৰাৰ ফলত এক দুভাগ্যজনক আৰু অতি নৃশংস হত্যাকাণ্ডৰ বলি হ’ব লগা হল দুজনকৈ যুৱক।