নৱজ্যোতি বৰুৱা

চামগুৰি

২৪ অক্টোবৰ

কিনকিনিয়া বৰষুণৰ সুবিধালৈ পুৰণিগুদামত চোৰৰ অভিযান। নিশা এঘৰৰ আলমিৰাৰ লকাৰ ভাঙি সোণৰ গহনাসহ নগদ ধন লুটি নিয়াৰ পৰিবৰ্তে এঘৰৰ পৰা নিলে গ্লেমাৰ বাইক।

পূজাৰ বতৰ লগতে আকৌ কিনকিনিয়া বৰষুণ। চোৰৰ বাবে চুৰিকাণ্ড সংঘটিত কৰাৰ বাবে ইয়াতকৈ উত্তম বতৰ থাকিব পাৰে জানো? উত্তম বতৰৰ সুবিধালৈ শুকুৰবাৰে নিশা প্ৰায় ২ মান বজাত নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰিগাঁৱত চোৰে চলালে চুৰিকাণ্ড। একে নিশাই দুঘৰ গৃহস্থৰ ধন লুটি তহিলং কৰিলে চোৰৰ দলে। কাষৰিগাঁৱৰ দিপালী বৰাৰ ঘৰত গৃহস্থ নথকাৰ সুযোগলৈ চোৰৰ দলটোৱে আলমিৰাৰ লকাৰ ভাঙি লুটি নিলে সোনৰ গহনাসহ নগদ ধন। আনহাতে ৰাজ বৰাৰ ঘৰৰ পৰাই চোৰৰ দলটোৰ লৈ যায় এএছ-০২-ইউ-৬৫১৪ নম্বৰৰ এখন গ্লেমাৰ বাইক।

চুৰিকাণ্ডৰ সন্দৰ্ভত পুৰণিগুদাম আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুয়ো গৃহস্থই। এজাহাৰৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত বৰষুণ দি থকাৰ সুযোগ লৈ চোৰৰ দলটোৱে সহজভাৱে সংঘটিত কৰিছে চুৰিকাণ্ড।