বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ১০ জুনঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাৰ চেচাপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত চেচাপানী ৰাইজৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰি অঞ্চলটোৰ বিগত বৰ্ষত উচ্চতৰ আৰু উচ্চতম মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক এখনী আৰোনাই আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণীত ২নং চেচাপানী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বানেশ্বৰ নাৰ্জাৰীয়ে শিক্ষাৰ্থী সকলক বৰ্তমান সময়ত উচ্চ শিক্ষাৰ ক্ষেত্ৰত সম্ভাৱনা থকা বিভিন্ন বিষয়ৰ ওপৰত বৰ্ণনা দিয়ে। সভাখন পৰিচালনা কৰে কুমাৰীকাটা জুনিয়ৰ কলেজৰ অধ্যাপক চানছুমা বসুমতাৰীয়ে। সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে শিক্ষক বলোৰাম বড়ো, ২ নং ভিচিডিৰ অধ্যক্ষ সুজন পাল, কুমাৰীকাটা ইউএন একাডেমীৰ অধ্যক্ষ জলেন দৈমাৰীৰ লগতে কেইবাগৰাকী স্থানীয় শিক্ষক। বিশিষ্ট ব্যক্তি সকলৰ লগতে সভাখনত ভালে সংখ্যাক স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।