ওদালগুৰি, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: ওদালগুৰিৰ ফাৰ্মাৰ্চ কো: অ: ছোচাইটিৰ নেতৃত্বত ওদালগুৰিৰ ৬০ জনীয়া মহিলাৰ দল এটাই কৃষি উৎপাদনেৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছে। ২০১৬ চনতে ছোচাইটিটোয়ে জন্ম লাভ কৰিছিল। ওদালগুৰি চহৰৰ পৰা প্ৰায় ৪ কিঃমি নিলগৰ মনপুৰ গাৱত ছোচাইটিটোৰ নেতৃত্বত ৬০ জনীয়া মহিলাৰ দলটোয়ে হাতে হাতে কোৰ-দা লৈ কৃষি উৎপাদনত ব্যস্ত। শাৰী শাৰী দেখা গৈছে মালভোগ, অমৃত সাগৰকে ধৰি বিভিন্ন প্ৰজাতিৰ কলপুলি ৰোপণ কৰি উৎপাদনক্ষম হৈছে। চলিত বৰ্ষত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মাটি লীজত লৈ ৬৫০ বিঘা মাটিত কলৰ খেতি, ৭৫ বিঘা মাটিত মুগ দাইল, ৬০ বিঘা মাটিত মাটিমাহ, ৪৫ বিঘা মাটিত মাটিমাহৰ বীজ ৰোপন কাৰ্যত ৭০০ খৰাকী কৃষক জড়িত হৈ আছে। কেৱল স্থানীয় শস্য‌ই নহয়, চোছাইটিটোৱে বৰ্তমান বেবীকৰ্ণ, চুইটকৰ্ণ, ড্ৰেগন ফল কম বেছি পৰিমাণে উৎপাদন কৰি থকাৰ কথা কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। ২০১৬ চনত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কৃষি মেলাত সংস্থাটোয়ে শ্ৰেষ্ঠ অভিনৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সংস্থাটোৰ এই উৎপাদনমুখী কৰ্মক যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় আৰু তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰই বিশেষভাৱে সহায় কৰা বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। সংস্থাটোয়ে কল খেতিৰ জৰিয়তে প্ৰতি বছৰে বিঘাই প্ৰতি ৯০ হাজাৰ টকাকৈ লাভৱান হোৱা বুলি জানিবলৈ দিয়ে। সংস্থাটোৰ সভাপতি অবিনাশ দৈমাৰী, সম্পাদক গোলক বড়ো, আৰু বাণিজ্যিক বিভাগৰ কৰ্মকৰ্তা ধীৰাজ দাসে কয় যে আগন্তুক দিনত আৰু অধিক কৃষিভূমিত বিভিন্ন শস্য উৎপাদন কৰিব।