কুন্দন ভৰালী

নগাঁও

৭ অক্টোবৰ

এজন হত্যাকাৰী নগাঁও আৰক্ষীৰ জালত। হত্যাকাৰী জনৰ সন্দৰ্ভত হত্যাকাৰী জনৰ আত্মীয় আৰু নগাঁও আৰক্ষীৰ ভাষ্যৰ মাজত অমিল। হত্যাকাৰীজনকলৈ মিছা মাতিছে নেকি নগাঁও আৰক্ষীয়ে?এতিয়া কোন সঁচা, কোন মিছা, কেনেকৈ প্ৰমাণ হ’ব?

যি সময়ত বাল্যবিবাহ ৰোধ কৰাৰ বাবে চৰকাৰৰ তথা বিভিন্ন বেচৰকাৰী সন্থা আৰু দল-সংগঠনে ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আছে সেই সময়তে এগৰাকী নাবালিকাক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই হত্যা কৰা হ’ল এজন ব্যক্তিক। যোৱা ২৫ ছেপ্টেম্বৰত নগাঁও জিলাৰ ধিংৰ অন্তৰ্গত ডুমডুমীয়াত এগৰাকী নাবালিকাক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবে নবী হুছেইন নামৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰিছিল এনাৰুল ইছলামে। হত্যাকাণ্ডৰ পিছৰে পৰা এনাৰুল ইছলাম আৰু এনাৰুল ইছলামৰ সহযোগী দিলদাৰ হুছেইন পলাতক অৱস্থাত আছিল যদিও বুধবাৰে আৰক্ষীৰ জালত পৰিল হত্যাকাৰী এনাৰুল ইছলাম। এনাৰুল ইছলাম আৰক্ষীৰ জালত পৰিল ঠিকে কিন্ত লেঠা এটা লাগিল এনাৰুল ইছলামকলৈ।

নগাঁও আৰক্ষীয়ে দাবী কৰিছে এনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা বুলি কিন্তু ইফালে এনাৰুল ইছলামৰ আত্মীয়ই কৈছে এনাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই এনাৰুল ইছলামে আত্মসমৰ্পণ কৰিছে। যদি এনাৰুল ইছলাম আত্মসমৰ্পণ কৰিছে তেন্তে নগাঁও আৰক্ষীয়ে আত্মসমৰ্পণকাৰীক গ্ৰেপ্তাৰ কৰা বুলি দেখুওৱাই নিজৰ পিঠি নিজেই থপথপাইছে নেকি ?