মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২ জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ এজন বহু প্ৰতিভাশালী খেলুৱৈ গৌতম গম্ভীৰে দায়িত্ব ল’লে শ্বহীদ সন্তানৰ। দেশক ভালপোৱাৰ বিশেষ চানেকী দাঙি ধৰিলে ভাৰতীয় দলৰ এই ক্ৰিকেটাৰ গৰাকীয়ে। ২০১৬ চনৰ ৪ জুলাইত পলাশবাৰীৰ সতপুৰৰ নিবাসী চিআৰপিএফ জোৱান দিবাকৰ দাস কৰ্মৰত অৱস্থাত অৰুণাচল প্ৰদেশত দুৰ্বৃত্তৰ চুৰিকাঘাতত শ্বহীদ হৈছিল। দুৰ্বৃত্তৰ চুৰিকাঘাতত শ্বহীদ হোৱা জোৱান জনে ইহসংসাৰত এৰি থৈ যায় পত্নী কৰবী দাস, পুত্ৰ অভিৰণ দিবাকৰ দাসৰ লগতে বৃদ্ধ পিতৃ-মাতৃক। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে ৫ বছৰীয়া অভিৰণ দিবাকৰ দাসক বিজয়নগৰৰ উইজদম প্লাবিক স্কুলত নাম লগাই দিয়ে। এই কনমানি শ্বহীদৰ পুত্ৰজনলৈ হঠাৎ চকু পৰিল ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ আৰু ক্ৰিকেটাৰ গৰাকীৰ ফাউণ্ডেচনে মুৰ পাতি ল’লে কনমানিজনৰ শৈক্ষিক জীৱনৰ সকলো দায়িত্ব। গৌতম গম্ভীৰে নিজৰ এই ফাউণ্ডেচন সংস্থাৰ জৰিয়তে অভিৰণ দিবাকৰৰ দৰে শিশুসকলৰ শৈক্ষিক জীৱনৰ দায়িত্ব গ্ৰহন কৰি আছে। বৰ্তমানলৈ এই ফাউণ্ডেচনৰ দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ৩০ গৰাকীৰ শিশুৰ দায়িত্বভাৰ গ্ৰহন কৰিছে যদিও অসমত এয়াই প্ৰথম। শুক্ৰবাৰে দিল্লীৰ পৰা বিজয়নগৰৰ উইজদম প্লাবিক স্কুলত গৌতম গম্ভীৰৰ আৰু গৌতমাৰ ফাউণ্ডেচনৰ লগত জড়িত অসমৰ জীয়ৰী প্ৰিয়ংকা শৰ্মা উপস্থিত হৈ অভিৰণ দিবাকৰৰ দায়িত্ব লয়। ক্ৰিকেতাৰ গৌতম গম্ভীৰৰ এনে কৰ্ম নিশ্চয় প্ৰশংসনীয়।