নৱজ্যোতি বৰুৱা

চামগুৰি

৮ অক্টোবৰ

চামগুৰিৰ সুতাৰ সোনাৰী গাঁৱৰ নামঘৰত অনুষ্ঠিত হ’ল এখন সামূহিক ব্যতিক্ৰমী বিবাহ। কৰ’ণা সংক্ৰমণৰ ভয়াবহতাৰ মাজতে অনুষ্ঠিত কৰা হ’ল এই ব্যতিক্ৰমী সামূহিক বিবাহ।

নগাঁও জিলাৰ চামগুৰিৰ সুতাৰ সোনাৰী গাঁৱৰ নামঘৰত এখন গতানুগতিক বিবাহতকৈ কিছু পৃথক বিবাহ অনুষ্ঠান। সমগ্ৰ বিশ্বতে কৰ’ণা মহামাৰিয়ে সন্ত্ৰাস চলাই থকাৰ সময়তে চামগুৰিৰ সুতাৰ সোণাৰি গাঁৱৰ নামঘৰত অনুষ্ঠিত হ’ল এই ব্যতিক্ৰমী সামূহিক বিবাহ। একেলগে দৰা কইনাৰ সাজত বহিল ৯ যোৰাকৈ যুৱক-যুৱতী। বিবাহ অনুষ্ঠানৰ প্ৰতিগৰাকী লোকৰে মূখত মাস্ক আৰু এক মিটাৰ ব্যবধানৰ দূৰত্ব সকলোৱে বজাই ৰাখিছে। চামগুৰিৰ সূতাৰ সোনাৰি গাঁৱৰ নামঘৰত কৰ’ণা সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ ঘৰত বিবাহ কাৰ্য সমাপন কৰাৰ পৰিবৰ্তে ৰাজহুৱা ভাৱে ৯ যোৰা যুৱক-যুৱতী সামূহিকভাৱে বিবাহ পাশত আবদ্ধ হয়। সম্পূৰ্ণ শংকৰ সংঘৰ নীতি নিয়মৰ মাজেৰে ৫০ গৰাকী মান ভকত-বৈষ্ণৱৰ উপস্থিতিত চৰকাৰী নীতি নিৰ্দেশনা মানি যুগ্ম জীৱনৰ পাতনি মেলে ৯ যোৰাকৈ যুৱক-যুৱতীয়ে। দৰা-কইনাইও চৰকাৰী নীতি-নিৰ্দেশনা মানি এক মিটাৰ ব্যৱধান ৰাখি মূখত মাস্ক লগাই যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে সমূহীয়াকৈ নামঘৰৰ থাপনাক সাক্ষী কৰি ভকত বৈষ্ণৱৰ ওচৰত সেৱা জনাই।

যিহেতু ঘৰ এখনত বিয়া পাতিলে মিতিৰ কুটুম আদিকে ধৰি বহু লোকৰ সমাগম ঘটে। যাৰ ফলত কভিড-১৯ ৰ সংক্ৰমন বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। সেইবাবে এই সকল লোকৰ এনে এক ব্যতিক্ৰমী চিন্তা। উল্লেখ্য যে এইসকল লোকৰ এনে পদক্ষেপ বহু লোকৰ বাবে এক আদৰণীয় পদক্ষেপ হিছাপে বিবেচিত হ’ব।