হাটশিঙিমাৰী

২৩ অক্টোবৰ

মানকাচৰৰ কুকুৰমাৰা সমবায় সমিতিৰ সচিবৰ বিৰুদ্ধে খাদ্য সুৰক্ষাৰ চাউল কেলেংকাৰীৰ অভিযোগ। গ্ৰাহকক জনে প্ৰতি ৫ কেজি কৰি চাউল দিয়াৰ বিপৰীতে ৪ কেজি কৰি চাউল প্ৰদান কৰি সিংহ ভাগ চাউল আত্মসাৎ কৰাৰ অভিযোগ সমবায় সমিতিৰ সচিব গৰাকীৰ বিৰুদ্ধে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কুকুৰমাৰা সমবায় সমিতিৰ সচিব এজিয়েল হকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে সমবায় সমিতিৰ সচিব এজিয়েল হকে দীৰ্ঘদিন ধৰি সমবায় সমিতিখনত লুন্ঠনৰাজ চলাই থকাৰ লগতে পত্নী আজিদা খাতুনৰ নামত এজেণ্ট লৈ গ্ৰাহকক জনে প্ৰতি ৫ কেজি কৰি চাউল দিয়াৰ বিপৰীতে ৪ কেজি কৰি চাউল প্ৰদান কৰি সিংহ ভাগ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কুকুৰমাৰা গাঁৱৰ ছামছুৰ উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ৰেচন কাৰ্ডত ৬ জন লোক আছে কিন্তু সচিব এজিয়েল হকে মাত্ৰ এজন মানুহৰ চাউল দি বাকী ৫ জন মানুহৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

সমবায় সমিতিখনত দীৰ্ঘদিন ধৰি লুণ্ঠনৰাজ চলাই থকা সচিব গৰাকীৰ লুণ্ঠনৰ ফলত অথিষ্ট হৈ পৰিছে অঞ্চলটোৰ দৰিদ্ৰ লোক সকল। সমবায় সমিতিখনৰ সচিব গৰাকীৰ লুণ্ঠনৰাজৰ সঠিক তদন্তৰ বাবে প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী জনাইছে ভুক্তভোগী কেইবাটাও দৰিদ্ৰ পৰিয়ালে।